মহিন্দ্ৰা লাষ্ট মাইল মবিলিটী লিমিটেডে(এমএলএমএমএল) আনুষ্ঠানিকভাৱে মুকলি কৰিলে যুগান্তকাৰী বৈদ্যুতিক ক্ষুদ্ৰ বাণিজ্যিক বাহন(এছচিভি)-মহিন্দ্ৰা জিঅ’, ২ টন ওজনতকৈ কম পৰিবাহী বাহনখনত বিদ্যুৎ সংযোগেৰে চালিত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ৭.৫২ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ জিঅ’ই উচ্চ ভল্টেজ ৩০০+ ভি কাৰুকাৰ্যৰে বৈদ্যুতিক বাহনৰ বজাৰখনত চমক দিবলৈ সাজু হৈছে, যিয়ে উচ্চ শক্তিৰ কাৰ্যক্ষমতা, বাস্তৱ জগতৰ ১৬০ কিলোমিটাৰ ৰেঞ্জ আৰু মাত্ৰ ৬০ মিনিটত ১০০ কিলোমিটাৰ দূৰত্ব প্ৰদান কৰা ফাষ্ট চাৰ্জিং ক্ষমতা প্ৰদান কৰিছে। ১১৪ এনএম টৰ্কৰ সৈতে ৩০ কিলোৱাট মটৰৰ দ্বাৰা চালিত জিঅ’ত ২১.৩ কেডব্লিউএইছ লিকুইড-কুল্ড বেটাৰী প্ৰদান কৰা হৈছে, যিয়ে এআইএছ০৩৮ সুৰক্ষা মানদণ্ডসমূহ পূৰণ কৰে। মহিন্দ্ৰাই জিঅ’ত ৰিজেনেৰেটিভ ব্ৰেকিং, হিল হোল্ড এছিষ্ট আৰু লেন ডিপাৰ্চাৰ ৱাৰ্নিং আৰু পেডেষ্ট্ৰিয়ান কলিজিয়ন ৱাৰ্নিঙৰ দৰে উন্নত এডিএএছ ছেফটি ফাংচনৰ সৈতে সজ্জিত কৰি তুলিছে। মহিন্দ্ৰা জিইঅ’ৰ মুকলিৰ লগে লগে অসমতো স্থানীয় লজিষ্টিক উদ্যোগে যথেষ্ট লাভান্বিত হ’ব বুলি আশা কৰা হৈছে, বিশেষকৈ অন্তিম স্থানৰ ডেলিভাৰী পৰিচালনা কৰাত সহায়ক হ’ব। মহিন্দ্ৰা জিইঅ’ৰ শক্তিশালী ৭৬৫ কেজি পেলোড ক্ষমতা আৰু কম সময়ত দ্ৰুত পৰিৱৰ্তনেৰে(টাৰ্নএৰাউণ্ড) অসমৰ ব্যৱসায়সমূহে ডিজেল বাহনৰ তুলনাত ৭ বছৰত ৭ লাখ টকালৈকে ৰাহি কৰিব পাৰিব, যিয়ে জিইঅ’ক এক ব্যয়সাধ্য আৰু পৰিৱেশ অনুকূল বিকল্প হিচাপে তুলি ধৰিব। মহিন্দ্ৰাৰ পৰিচালনা সঞ্চালক সুমন মিশ্ৰই এই বিষয়ে কয় যে, “মহিন্দ্ৰা জিইঅ’ই গ্ৰাহকসকলৰ উন্নতিৰ বাবে সহায় কৰাৰ লগতে বৈদ্যুতিক বাহনেৰে নগৰীয়া লজিষ্টিক পদ্ধতিক নতুনত্ব প্ৰদানৰ আমাৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে।” Share this:FacebookX Related Post navigation পুনৰ আহিল পথ নিৰ্দেশনা এমজি উইণ্ডচাৰ ইভিয়ে আৰম্ভণিৰ দিনা ১৫,১৭৬ বুকিংৰ সৈতে ৰেকৰ্ড ভাঙিলে