ভাৰতৰ আগশাৰীৰ এছইউভি প্ৰস্তুতকৰ্তা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে ৮.৯৪ লাখ (এক্স-শ্ব’ৰুম) মূল্যৰ পৰা উপলব্ধ বহু প্ৰত্যাশিত এক্সইউভি ৩X০ আৰিএভিএক্স ছিৰিজ মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে ১০ লাখ টকা মূল্যৰ অধীনত প্ৰিমিয়াম বৈশিষ্ট্য, বলিষ্ঠ ষ্টাইল আৰু শক্তিশালী প্ৰদৰ্শন প্ৰদান কৰা।আৰইভিএক্স ছিৰিজে এক্সইউভি ৩X০ৰ গতিৰ ওপৰত নিৰ্মাণ কৰিছে, যিয়ে শেহতীয়াকৈ এবছৰৰ কম সময়ৰ ভিতৰতে ১ লাখ খন বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে—যি হৈছে মহিন্দ্ৰাৰ এতিয়ালৈকে সৰ্বাধিক দ্ৰুত। নতুন বাহনসূচীত আছে তিনিটা ভেৰিয়েণ্ট আৰইভিএক্স এম, আৰইভিএক্স এম(অ’)  আৰু আৰইভিএক্স লেডাৰেট আসন, ছানৰুফ বিকল্প, ছটা এয়াৰবেগৰ সৈতে উন্নত সুৰক্ষা ব্যৱস্থা আৰু শীৰ্ষ মডেলত টুইন এইচডি স্ক্ৰীন আৰু এড্ৰিনক্স কানেক্টৰ সৈতে প্ৰযুক্তিৰে ভৰপূৰ ইণ্টেৰিয়ৰ।

এই শুভাৰম্ভণিয়ে গুৱাহাটী মহানগৰীৰ বিশেষকৈ যুৱ পেছাদাৰী আৰু চহৰীয়া পৰিয়ালসমূহৰ মাজত প্ৰিমিয়াম আবেদন থকা মূল্যৱান এছইউভি অন্বেষণৰ বাবে তীব্ৰ আগ্ৰহ জাগ্ৰত কৰিছে।  স্থানীয় ডিলাৰশ্বিপসমূহেও আৰইভিএক্স এম (অ’) ভেৰিয়েণ্টৰ বাবে প্ৰাৰম্ভিক অনুসন্ধানৰ কথা সদৰি কৰিছে, যি চহৰখনৰ উচ্চাকাংক্ষী আৰু বাজেট-সচেতন গতিশীলতা বিকল্পৰ বৰ্ধিত চাহিদাৰ সৈতে সংগতি ৰাখি ডুৱেল-টন ৰুফ আৰু ছানৰূফৰ দৰে আড়ম্বৰপূৰ্ণ বৈশিষ্ট্যৰ সৈতে সুলভতাৰ মিশ্ৰণ কৰিছে।

টেংগো ৰেড আৰু ষ্টিলথ ব্লেককে ধৰি পাঁচটা আকৰ্ষণীয় ৰঙত উপলব্ধ  এক্সইউভি ৩X০ আৰইভিএক্স ছিৰিজে উদ্ভাৱন আৰু গ্ৰাহককেন্দ্ৰিক ডিজাইনৰ প্ৰতি মহিন্দ্ৰাৰ দায়বদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে। এই মুকলিৰ জৰিয়তে মহিন্দ্ৰাই সমগ্ৰ ভাৰততে সংপৃক্ত এছইউভি ছেগমেণ্টৰ প্ৰত্যাশাক পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *