ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছৰ সৈতে অংশীদাৰিত্ব কৰি সংহত বৈদ্যুতিক মবিলিটি সমাধান প্ৰদানকাৰী মেজেণ্টা মবিলিটিয়ে ৬০ ইউনিট এছ ইভি আৰু ৪০ ইউনিট এছ ইভি ১০০০কে ধৰি ১০০ ইউনিটতকৈ অধিক টাটা এছ ইভি গ্ৰহণ কৰিছে। এই নিয়োজন ২০২৩ৰ অক্টোবৰ মাহত দুয়োটা প্ৰতিষ্ঠানৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অংশ, যিয়ে বৈপ্লৱিক টাটা এছ ইভিৰ ৫০০ ইউনিটক বিশেষভাৱে সামৰি লৈছে। ইভোজেন পাৱাৰট্ৰেইনৰ দ্বাৰা চালিত এচ ইভিয়ে ৭ বছৰৰ বেটাৰী ৱাৰেণ্টী আৰু ৫ বছৰৰ বিস্তৃত তত্ৱাৱধান পেকেজ প্ৰদান কৰিছে। ইয়াত ১৩০ এনএম পিক টৰ্কৰ সৈতে ২৭ কেডব্লিউ মটৰ দিয়া হৈছে, যিয়ে বেষ্ট-ইন-ক্লাছ পিকআপ আৰু গ্ৰেড-এবিলিটি প্ৰদান কৰিব। এই শেহতীয়া পদক্ষেপৰ বিষয়ে অভিমত প্ৰকাশ কৰি টাটা মটৰ্ছৰ এছচিভিপিইউৰ উপাধ্যক্ষ তথা ব্যৱসায়িক মুৰব্বী বিনয় পাঠকে কয় যে, “মেজেণ্টা মবিলিটিৰ সৈতে আমাৰ অংশীদাৰিত্বৰে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ আমি টাটা এছ ইভিসমূহ নিজৰ বহৰত নিয়োজিত(ডিপ্লয়) কৰাৰ বাবে যথেষ্ট আনন্দ অনুভৱ অনুভৱ কৰিছোঁ।” মেজেণ্টা মবিলিটিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া মেক্সছন লুইছে এই অংশীদাৰিত্বৰ বিষয়ে নিজৰ উত্সাহ প্ৰকাশ কৰি কয় যে, “আমি টাটা মটৰ্ছৰ সৈতে আমাৰ সহযোগিতা গভীৰ কৰি তুলিবলৈ পাই যথেষ্ট আনন্দিত হৈছো, কিয়নো এই অংশীদাৰিত্বই সমগ্ৰ ভাৰততে নিৰাপদ, স্মাৰ্ট আৰু বহনক্ষম পৰিবহন সমাধান প্ৰদানৰ বাবে আমাৰ প্ৰতিশ্ৰুতিক আগুৱাই লৈ গৈছে।” এইচপিচিএল, বিপি, মৰ্গান ষ্টেনলি, জিতো এঞ্জেল নেটৱৰ্ক আৰু ড০ কিৰণ পেটেলৰ দ্বাৰা সমৰ্থিত মেজেণ্টা মবিলিটিয়ে ভাৰতৰ পৰিবহণ খণ্ডত বহনক্ষমতা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰি বৈদ্যুতিক মবিলিটি বিপ্লৱৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছে। টাটা মটৰ্ছৰ সৈতে অংশীদাৰিত্ব সম্প্ৰসাৰণ আৰু ১০০ টাটা এছ ইভিত নিয়োজিত হৈ মেজেণ্টাই লজিষ্টিক ডিকাৰ্বনাইজ(কাৰ্বন হ্ৰাস) কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তুলিছে। Share this:FacebookX Related Post navigation নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন ১.১ মিলিয়ন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অৰ্জন নিছান মটৰ ইণ্ডিয়াৰ