অভিষেক শৰ্মাৰ দ্ৰুত গতিত ৫৯ ৰানৰ পিছত হাইনৰিচ ক্লাচেন (৪৭ ৰান), কামিন্দু মেণ্ডিছ (৩২ ৰান) আৰু ঈশান কিষানে (৩৫ ৰান) উপযোগী অৱদানৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ছয় উইকেটত লক্ষ্ণৌ ছুপাৰজায়েণ্টছ (এল এছ জি)ক পৰাস্ত কৰে। এই পৰাজয়ৰ সৈতে এল এছ জি দলটো প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে। ১২খন মেচত এল এছ জিৰ এয়া সপ্তমটো পৰাজয় আৰু দলটোৱে ১০ পইণ্টেৰে টেবুলৰ সপ্তম স্থানত আছে। ১২খন মেচত চতুৰ্থটো জয়ৰে অষ্টম স্থানত আছে ছানৰাইজাৰ্ছ।

প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱাৰ পিছত এল এছ জিয়ে ৭ উইকেটত মুঠ ২০৫ ৰান সংগ্ৰহ কৰে যদিও ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮.২ অভাৰত ৪ উইকেটত লক্ষ্যত উপনীত হয়। এই খেলপথাৰত প্ৰথমবাৰৰ বাবে লক্ষ্য অনুসৰণ কৰি দলটোৱে ২০০ৰো অধিক ৰান সংগ্ৰহ কৰি জয়লাভ কৰে। লক্ষ্য অনুসৰণ কৰি অভিষেকে ইনিংছৰ আৰম্ভণিতে চাৰিটা চাৰি আৰু ছয়টা ছয় মাৰে যাৰ ফলত ছানৰাইজাৰ্ছ হায়দৰাবাদে হেঁচাত পৰা দেখা নাযায়। ৰবি বিষ্ণোইৰ বিৰুদ্ধে একেৰাহে চাৰিটা ছয় মাৰি ১৮টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।

ইয়াৰ পূৰ্বে মিচেল মাৰ্ছ আৰু আইডেন মাৰ্ক্ৰামৰ অৰ্ধশতক আৰু দুয়োৰে মাজত ১১৫ ৰানৰ আৰম্ভণিৰ ষ্টেণ্ডৰ বাবে এল এছ জিয়ে প্ৰতিযোগিতামূলক স্ক’ৰ লাভ কৰে। মাৰ্ছে ৩৯ বলৰ ইনিংছত ৬টা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ৬৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্ক্ৰামে ৩৮ বলৰ ৬১ ৰানৰ ইনিংছত চাৰিটা ছয় আৰু সমসংখ্যক চাৰিটা ৰান সংগ্ৰহ কৰে। ইতিমধ্যে ছানৰাইজাৰ্ছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল আৰু প্ৰতিযোগিতাখনত বৰ্তি থাকিবলৈ এই মেচখনত লক্ষ্ণৌ ছুপাৰজায়েণ্টছক জয়ৰ প্ৰয়োজন আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *