বৰপেটা জিলাৰ বৰপেটাৰোডত লাভ জেহাদৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এগৰাকী হিন্দু যুৱতীক সাহিদুল ইছলাম নামৰ যুৱক গৰাকীয়ে ৰানা সাহা নামেৰে পৰিচয় দি প্ৰেমৰ অভিনয়েৰে প্ৰেমৰ জালত বন্দী কৰিছিল । ভুক্তভোগী পৰিয়ালৰ বায়েকৰ অভিযোগৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে আটক কৰে যুৱক গৰাকীক। ধৃত যুৱক গৰাকী বাক্সা জিলাৰ আইখাৰি বিলপথাৰৰ গোলাম মুস্তাফাৰ পুত্ৰ সাহিদুল ইছলাম,(২০) বুলি জানিব পৰা গৈছে । যুৱক গৰাকীয়ে বৰপেটাৰোডৰ এগৰাকী হিন্দু যুৱতীক ইনষ্টাগ্ৰাম, ফেচবুকত ৰানা সাহা নামেৰে পৰিচয়ৰে দি প্ৰেমৰ জালত বন্দী কৰিছিল বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে। বৰপেটাৰোড আৰক্ষী থানাই পি এছ কেছ নং- ৯৫/২৪ ইউ/এছ-৪১৭/৪১৯/২৯৫(এ) /৩৭৬/৩৫৪(চি)/২৯৪/৫০৬ আৰ/ডব্লিউ POCSO আইনৰ অধীনত ৪ নং ধাৰাত যুৱকজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে। Share this:FacebookX Related Post navigation বৰপেটাৰোডৰ দিকভি শর্মাৰ সাফল্য ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ