আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সংসদীয় কূটনীতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১৮ সংখ্যক লোকসভাৰ কাৰ্যকালৰ বাবে ভাৰত-ফিলিপাইন সংসদীয় বন্ধুত্ব গোট গঠন কৰে। অধ্যক্ষগৰাকীয়ে যোৰহাটৰ সাংসদ তথা অসমৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈক এই গুৰুত্বপূৰ্ণ গোটটোৰ সভাপতি হিচাপে নিযুক্তি দিয়ে। বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ সৈতে সংসদীয় সম্পৰ্ক স্থাপনৰ যি প্ৰয়াস অধ্যক্ষ বিৰলাই আৰম্ভ কৰিছে, এয়া তাৰে এক অংশ। পাৰস্পৰিক সংসদীয় আদান-প্ৰদানৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাই হৈছে এই বন্ধুত্ব গোটসমূহৰ মূল উদ্দেশ্য। বিভিন্ন ৰাজনৈতিক পটভূমিৰ সাংসদসকলক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় সমকক্ষসকলৰ সৈতে পোনপটীয়া আলোচনা, বিধায়িনী অভিজ্ঞতাৰ ভাগ-বতৰা আৰু উন্নত মানদণ্ডৰ সংসদীয় পদ্ধতিৰ আদান-প্ৰদানৰ বাবে এই মঞ্চ ব্যৱহাৰ কৰিব চৰকাৰে। কেৱল সংসদীয় পদ্ধতিয়েই নহয়, বৰঞ্চ বাণিজ্য, প্ৰযুক্তি, সামাজিক নীতি আৰু সাংস্কৃতিক বিনিময়ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহেও এই আলোচনাত স্থান লাভ কৰে। অধ্যক্ষ ওম বিৰলাই ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত সংসদীয় কূটনীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁৰ নেতৃত্বত ভাৰতীয় সংসদে বিশ্বৰ বিভিন্ন মঞ্চত সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰি ভাৰতক এক পৰিপক্ক গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই উদ্যোগৰ জৰিয়তে বিভিন্ন দেশৰ সংসদ আৰু জনসাধাৰণৰ মাজত এক সুদৃঢ় সেতু নিৰ্মাণৰ লক্ষ্য লৈছে লোকসভাৰ অধ্যক্ষগৰাকীয়ে। ঐতিহাসিকভাৱে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়ত সদায় এক ঐক্যবদ্ধ স্থিতি গ্ৰহণ কৰি আহিছে। নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলেই একে সুৰত কথা কোৱাৰ যি পৰম্পৰা, এই বন্ধুত্ব গোটসমূহে তাক অধিক শক্তিশালী কৰিব। ৬০ খনতকৈও অধিক দেশৰ সৈতে এনে গোট গঠন কৰাটোৱে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু বিশ্বব্যাপী বন্ধুত্বৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। Share this:FacebookX Related Post navigation বিৰোধীৰ আসন বুজাবুজি চূড়ান্ত; কংগ্ৰেছৰ সৈতে ৯ খন আসনত সহমতত উপনীত অসম জাতীয় পৰিষদ ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটত ৰহস্যময় পদচিহ্ন; ঐশ্বৰিক মহত্বৰ বিশ্বাসত সমাগম ভক্তৰ