মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত ড্ৰোন আক্ৰমণৰ প্ৰতিবাদত স্থানীয় মহিলাসকলে সোমবাৰে নিশা ইম্ফলত অগ্নিশিখা লৈ প্ৰতিবাদীযাত্ৰা উলিয়ায়। তেওঁলোকে ডিজিপি আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবী উত্থাপন কৰিছে। ইম্ফলৰ থাংমেইবান্দত অগ্নিশিখা আৰু পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে শ্ল’গান দি সমদল কৰে। ইয়াৰ পূৰ্বে সোমবাৰে প্ৰতিবাদকাৰীসকলে ৰাজভৱনত শিল নিক্ষেপ কৰে। ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্ব দি থকা এম সনাথোই চানুৱে কয়- আমি ৰাজ্য চৰকাৰৰ নিৰাপত্তা উপদেষ্টা আৰু ডিজিপিক অপসাৰণৰ দাবী জনাইছো। চিআৰপিএফৰ প্ৰাক্তন ডিজি কুলদীপ সিঙৰ নেতৃত্বত গঠন হোৱা ইউনিফাইড কমাণ্ড ৰাজ্য চৰকাৰক হস্তান্তৰ কৰিবলৈ দাবী জনাইছোঁ। উল্লেখ্য যে মণিপুৰত হঠাতে সংঘটিত হিংসাত্মক ঘটনাক লৈ মেইটেই সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলে ৮ ছেপ্টেম্বৰৰ পৰা প্ৰতিবাদ কৰি আছে। ইয়াত স্থানীয় লোকো অন্তৰ্ভুক্ত আছে। প্ৰতিবাদকাৰীসকলে দেওবাৰে কিষাণমত তিদিম ৰোডত ৩ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত ৰাজভৱন আৰু মুখ্যমন্ত্ৰী গৃহত উপস্থিত হৈছিল। তেওঁলোকে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দাখিল কৰিব বিচাৰিছিল। শিক্ষাৰ্থীসকলে কয় যে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোক প্ৰতিবাদ অব্যাহত থাকিব। Share this:FacebookX Related Post navigation জাগীৰোডত নিৰ্মাণ হ’ব তাজ হোটেল শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী