ইণ্টাৰ মিয়ামিৰ অধিনায়ক তথা আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিয়ে সোঁ ভৰিৰ পেশীত আঘাত পাইছে, যাৰ বাবে তেওঁ অনিৰ্দিষ্টকাললৈ খেলৰ পৰা আঁতৰি থাকিব। মেজৰ লীগ ছকাৰ (এম এল এছ) ক্লাব ইণ্টাৰ মিয়ামীয়ে এক বিবৃতিত জনাইছে যে শনিবাৰে লীগ কাপৰ খেলখনত নেকাক্সা (মেক্সিকো)ৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটৰ পূৰ্বে ৩৮ বছৰীয়া মেছিয়ে গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল। খেলখনৰ আৰম্ভণিতে ১১ মিনিটত খেলপথাৰৰ পৰা ওলাই আহিছিল যদিও নিজৰ ভৰিৰে লকাৰ ৰুমলৈ খোজ কাঢ়ি গৈছিল। বিবৃতিটোত কোৱা হৈছে যে মেছিৰ পেশীৰ সমস্যাৰ তীব্ৰতা জানিবলৈ চিকিৎসা পৰীক্ষা কৰা হৈছিল। প্ৰতিবেদনত সোঁ উৰুত সামান্য আঘাত হোৱা বুলি নিশ্চিত কৰা হৈছে।

তেওঁৰ উভতি অহাৰ সময় তেওঁৰ চিকিৎসা আৰু আৰোগ্যৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ এই মুহূৰ্তত মেছিৰ খেলপথাৰলৈ ঘূৰি অহাৰ কোনো নিৰ্দিষ্ট সময় নাই। এই এম এল এছ ছিজনত ১৮খন মেচত ১৮টা গ’ল আৰু ৯টা এছিষ্ট কৰা মেছিয়ে লীগৰ যৌথ শীৰ্ষ স্ক’ৰাৰ। মেচৰ শেষ মুহূৰ্তত গ’ল দি মেচখন পেনাল্টি শ্বুটআউটলৈ লৈ যোৱা জৰ্ডি আলবাই কয় যে মেছিৰ আঘাত আৰু দলৰ পৰা বাহিৰ হোৱাটো দলৰ বাবে এক ডাঙৰ আঘাত।গোটেই দলটো অতি দুখী। এই ছিজনত ২২খন খেলৰ ভিতৰত ১২খন খেলত জয়লাভ কৰি ইষ্টাৰ্ণ কনফাৰেন্সৰ ৪২ পইণ্টেৰে পঞ্চম স্থানত আছে ইণ্টাৰ মিয়ামি। ফিলাডেলফিয়াৰ পৰা ৮ পইণ্ট পিছ পৰি আছে যদিও দলটোৱে ৩খন মেচ অতিৰিক্তভাৱে খেলি আছে।

যদি মেছি দীৰ্ঘদিন ধৰি খেলৰ পৰা বাহিৰ হয় তেন্তে ২০২৫ চনৰ লীগছ কাপত ইণ্টাৰ মিয়ামিৰ বাবে ই এক ডাঙৰ ক্ষতি হ’ব পাৰে, বিশেষকৈ ২০২৩ চনত তেওঁৰ আগমনৰ কিছু সময়ৰ পিছতে দলটোৱে খিতাপ দখল কৰিছিল।বুধবাৰে ইণ্টাৰ মিয়ামীয়ে ইউনাম পুমাছৰ বিৰুদ্ধে খেলিব। দলটোৱে এতিয়ালৈকে পাঁচ পইণ্ট লাভ কৰিছে আৰু নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জনৰ বাবে শক্তিশালী অৱস্থাত আছে, আৰু জয়লাভ কৰিলে পোনে পোনে কোৱাৰ্টাৰ ফাইনেললৈ যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *