দিল্লী-কলকাতাৰ ব্যস্ততাৰ অন্তত এইবাৰ গুজৰাটৰ অৰণ্যৰ মাজত দেখা গ’ল বিশ্ব ফুটবলৰ মহাতাৰকা লিয়’নেল মেছিক। ভাৰত ভ্ৰমণৰ সামৰণি মাৰি মেছি উপস্থিত হ’ল অনন্ত আম্বানীয়ে প্ৰতিষ্ঠা কৰা জামনগৰৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ ‘বনতাৰা’ত। তাত কেৱল জীৱ-জন্তুকে চালে এনে নহয়, মেছিয়ে পৰম্পৰাগত ৰীতি-নীতিৰে ‘আৰতি’ কৰি এক সম্পূৰ্ণ ভাৰতীয় পৰিৱেশত নিমজ্জিত হৈ পৰে। ইণ্টাৰ মিয়ামীৰ সতীৰ্থ লুইছ চুৱাৰে আৰু ৰড্ৰিগো ডি পলৰ সৈতে উপস্থিত হোৱা মেছিক লোকসংগীত আৰু পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনোৱা হয়। ভ্ৰমণকালত মেছিয়ে কেন্দ্ৰটোত আশ্ৰয় পোৱা বাঘ, হাতী আৰু বিভিন্ন সৰীসৃপ প্ৰাণীসমূহ প্ৰত্যক্ষ কৰে। ইয়াৰ উপৰিও তেওঁ তাত থকা পশু চিকিৎসক আৰু শুশ্ৰূষাকাৰীসকলৰ সৈতে কথা পাতি জীৱ-জন্তুৰ চিকিৎসা আৰু খাদ্যৰ যোগান ধৰা পদ্ধতিসমূহৰ বুজ লয়। ‘বনতাৰা’ৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি মেছিয়ে কয়, “বনতাৰাই যি কৰিছে সেয়া সঁচাকৈয়ে অপূৰ্ব। জীৱ-জন্তুৰ যত্ন লোৱা আৰু তেওঁলোকক উদ্ধাৰ কৰা পদ্ধতিয়ে মোক সঁচাকৈয়ে অভিভূত কৰিছে।” তেওঁ লগতে কয় যে এই অভিজ্ঞতা তেওঁৰ মনত চিৰদিন ৰৈ যাব আৰু এই মহান কামক সমৰ্থন জনাবলৈ তেওঁ পুনৰ ইয়ালৈ আহিব। উল্লেখযোগ্য যে, যোৱা শনিবাৰে কলকাতাৰ পৰা আৰম্ভ হোৱা মেছিৰ ‘G.O.A.T. India Tour’ৰ সামৰণি পৰে সোমবাৰে দিল্লীত। কলকাতাৰ বিশৃংখল পৰিৱেশৰ পাছত হায়দৰাবাদ, মুম্বাই আৰু দিল্লীত অনুৰাগীক আজীৱন মনত ৰৈ যোৱা স্মৃতি উপহাৰ দি মেছিয়ে এই ভ্ৰমণৰ অন্ত পেলায়। Share this:FacebookX Related Post navigation ২০২৬ত AIUDF-ক সংগহীন কৰাৰ হুংকাৰ গৌৰৱ গগৈৰ! বিজেপিকো আক্ৰমণ কৰি ক’লে- ‘বিদ্বেষৰ বিৰুদ্ধে নকৰোঁ আপোচ’ দিল্লীত ঘৰৰ পৰাই কৰিব লাগিব আধাতকৈ অধিক কাম! ভয়াৱহ প্ৰদূষণৰ বাবে জাৰি ‘গ্ৰেপ-৪’ৰ কঠোৰ নিৰ্দেশনা