২০২২ চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু ৮বাৰৰ বেলন ডি অ’ৰ বিজয়ী অধিনায়ক লিয়নেল মেছিয়ে ভাৰতৰ মাটিত উপস্থিত হৈছে। শনিবাৰে পুৱা কলকাতাত উপস্থিত হয় মেছি। তেওঁ বহু প্ৰত্যাশিত ‘GOAT Tour of India’ৰ বাবে ভাৰতত উপস্থিত হৈছে।

প্ৰায় ১৪ বছৰৰ পাছত ভাৰতলৈ উভতি অহা মেছিয়ে এই ভ্ৰমণৰ সময়ত দেশৰ চাৰিখন ডাঙৰ চহৰ অৰ্থাৎ কলকাতা, হায়দৰাবাদ, মুম্বাই আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত ফুটবল অনুৰাগীৰ বাবে কেইবাটাও বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

মেছিৰ সৈতে আছে তেওঁৰ ক্লাব দল ইণ্টাৰ মিয়ামিৰ তাৰকা খেলুৱৈ ৰড্ৰিগো ডি পল আৰু লুইছ ছুৱেৰেজ। বিশেষকৈ ভাৰতৰ ফুটবলৰ ৰাজধানী হিচাপেও পৰিচিত কলকাতাত মেছিৰ আভাস পাই অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।ভাৰতীয় ফুটবলৰ বাবে মেছিৰ এই ভ্ৰমণক ঐতিহাসিক বুলি গণ্য কৰা হৈছে আৰু ইয়াৰ ফলত দেশত নতুন শক্তিৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *