কোকা-কোলা ইণ্ডিয়াৰ স্বদেশী ঐতিহ্য ব্ৰেণ্ড লিমকাই সগৌৰৱে ভাৰতৰ আটাইতকৈ দীঘলীয়া সময় ধৰি প্ৰকাশিত হৈ অহা অভিলেখ আৰু তথ্যসমৃদ্ধ বুক লিমকা বুক অৱ ৰেকৰ্ডছৰ ৩৩সংখ্যক সংস্কৰণ প্ৰকাশ কৰিছে। ‘ইণ্ডিয়া এট হাৰ বেষ্ট’ৰ বিষয়বস্তু সামৰি প্ৰকাশ কৰা ২০২৪ সংস্কৰণটো হৈছে ২০২৩ চনত দেশৰ সফলতা আৰু বিগত বছৰবোৰৰ সত্য ইতিহাস আৰু অভিলেখৰ দস্তাবেজ। ভাৰতীয় অভিলেখৰ জীৱন্ত আৰ্কাইভ ৰূপে পৰিগণিত এই বুকত অধ্যৱসায়, ধৈৰ্য্য আৰু প্ৰদৰ্শনৰ বলত সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্কৃষ্ট অভিলেখসমূহ প্ৰদৰ্শন-প্ৰকাশ কৰা হৈছে। ইয়াত এছিয়ান গেমছ ২০২২ত ভাৰতীয়ৰ প্ৰদৰ্শনৰ পৰা নতুনকৈ ডিজাইন কৰা সংসদ ভৱনলৈকে ভাৰতৰ সাফল্যক সামৰি উদযাপনৰ এক জীৱন্ত দলিল।

বিদায়ী ২০২৩ চনত ভাৰতে ক্ৰীড়াক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছিল, ২০২২ চনৰ এছিয়ান গেমছত ১০০ৰো অধিক পদক আৰু আইএএএফ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ জেভেলিন থ্ৰ’ প্ৰতিযোগিতাত ইতিহাস সৃষ্টিৰে স্বৰ্ণপদক অৰ্জন কৰিছিল। ভাৰতৰ সৰ্ববৃহৎ ফ্লাৱাৰ কাৰ্পেট, বিশ্বৰ আটাইতকৈ কম বয়সীয়া সাঁতোৰবিদ, বাইকত আৰোহণ কৰি মহিলাৰ সৰ্ববৃহৎ পিৰামিড যাত্ৰা, দেশৰ প্ৰথম সৌৰ অনুসন্ধান আদিত্য-এল১ আৰু প্ৰথমবাৰলৈ গৰুৰ ক্ল’ন আদি ঘটনাই সমৃদ্ধ কৰিলে ২০২৩ বৰ্ষ।

এই বিষয়ে কোকাকোলাৰ হাইড্ৰেচন, স্পৰ্টছ এণ্ড টী কেটেগৰী, ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়া অপাৰেটিং ইউনিটৰ জ্যেষ্ঠ সঞ্চালক ৰুচিৰা ভট্টাচাৰ্যই কয় যে, “মই এই সুযোগতে লিমকা বুক অৱ ৰেকৰ্ডছৰ দলটোক এই বৰ্ষৰ তথ্যসমূহ একত্ৰিত কৰি সকলোৰে বাবে উপহাৰ দিয়াৰ বাবেও অভিনন্দন জনাইব লাগিব, এয়া হৈছে ভাৰতীয়ৰ সাফল্যৰ তালিকা।”

Leave a Reply

Your email address will not be published. Required fields are marked *