বৰপেটা জিলা শৈক্ষিক কোৰ গ্ৰুপৰ এক সভাত সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা প্ৰকাশিত ই-মেগাজিন “সাৰদা” উন্মোচন কৰা হয়। www.sharadaemagazine.online ত এই আলোচনীখন উপলদ্ধ কৰা হৈছে। শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে সম্পাদনা কৰা ই-আলোচনীখন উন্মোচন কৰে ডায়েট বৰপেটাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নাছিৰুদ্দিনে। ভাষণ প্ৰসংগত তেওঁ সম্পাদক চন্দন কুমাৰ দাস আৰু সম্পাদনা সমিতিৰ সদস্য সদস্যাসকলৰ ওপৰিও শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া সীতাংগ ডেকাৰ ভূয়সী প্ৰশংসা কৰে। বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰা, সমগ্ৰ শিক্ষা বৰপেটাৰ প্ৰাক্তন জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আচঁনি বিষয়া সীতাংগ ডেকা উপদেষ্টা হিচাপে থকা আলোচনীখনৰ সম্পাদনা সমিতিত আছে চন্দন কুমাৰ দাস (সম্পাদক), চম্পক কুমাৰ নাথ (সদস্য), প্ৰসেনজিৎ শৰ্মা (সদস্য), অঞ্জুমণি ডেকা (সদস্যা), তৰু দাস (সদস্যা), কেশৱানন্দ ওজা (সদস্য) আৰু হৰ্ষজিৎ দাস (সদস্য)। জিলা শৈক্ষিক কোৰ গ্ৰুপৰ আজিৰ এই গুৰুত্বপূৰ্ণ সভাখন ডায়েট বৰপেটাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নাছিৰুদ্দিনে সভাপতিত্ব কৰে। সভাত বৰপেটা জিলাৰ প্ৰতিটো শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰভাৰী প্ৰবক্তাসকল, এফ এল এনৰ বৰপেটা জিলা প্ৰালোচক মিনাক্ষী দাস, হাউলি নৰ্মাল বিদ্যালয়ৰ অধ্যক্ষ সুভাষ সূত্ৰধাৰ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শকসকল আৰু বিভিন্ন শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তিসকল উপস্থিত থাকে। Share this:FacebookX Related Post navigation মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ মুখ্যমন্ত্ৰী শৰ্মাই ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন