স্কোডা অটো ইণ্ডিয়াই ২০২৬ বৰ্ষত নিজৰ শক্তিশালী বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে, বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (জানুৱাৰী–মাৰ্চ) ২০,০২৮খন বাহন বিক্ৰী কৰি এতিয়ালৈকে সৰ্বাধিক ত্ৰিমাসিক বিক্ৰীৰ অভিলেখ গঢ়িছে। যোৱা বছৰৰ একে সময়ছোৱাত বিক্ৰী হোৱা ১৭,১৩৮খন গাড়ীৰ তুলনাত ১৭% বৃদ্ধি পাইছে। ২০২৫ চনৰ যুগান্তকাৰী ব্যৱসায়িক সাফল্যৰ ওপৰত ভিত্তি কৰি স্কোডা অটো ইণ্ডিয়াই নিজৰ বৃদ্ধিৰ জয়যাত্ৰা অব্যাহত ৰাখিছে আৰু নিজৰ অভিলেখ ভংগ কৰিছে, সমান্তৰালভাৱে ভাৰতীয় বজাৰত নিজৰ গতি অধিক ত্বৰান্বিত কৰিছে। শেহতীয়াকৈ ৫০,০০০খন বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰা কাইলাকৰ শক্তিশালী আৰু ধাৰাবাহিক চাহিদা, নতুন কুশ্বাক বাহন মুকলি, শ্লাভিয়াৰ অবিৰত অৱদান আৰু প্ৰিমিয়াম এছইউভি শিতানত ক’ডিয়াকৰ চাহিদা অব্যাহত থকাৰ বাবেই স্কোডা অটো ইণ্ডিয়াৰ প্ৰদৰ্শনৰ নেতৃত্ব দিছে। এই মাইলৰ খুঁটিৰ বিষয়ে সদৰি কৰি স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই কয় যে, “আমাৰ সৰ্ববৃহৎ ত্ৰৈমাসিক অভিলেখেৰে ২০২৬ বিত্তীয় বৰ্ষত আমাৰ বিকাশৰ বৃদ্ধি অব্যাহত ৰখাটো আমি যোৱা বছৰত গঢ়ি তোলা গতিৰ এক শক্তিশালী প্ৰমাণ। ২০২৫ বৰ্ষত অভিলেখ অৰ্জনৰ পিছত এইবৰ্ষক লৈও আমি উৎসাহী যাতে আমি নিজৰ বাবে নতুন মানদণ্ড স্থাপন কৰাৰ লগতে এই গতিধাৰা বজাই ৰাখিব পাৰোঁ। ” স্কোডা অটো ইণ্ডিয়াই মালিকীস্বত্বৰ অভিজ্ঞতা আৰু বিক্ৰীৰ পিছৰ সমৰ্থনৰ ওপৰত তীক্ষ্ণ মনোনিৱেশৰ জৰিয়তে গ্ৰাহকৰ আস্থা শক্তিশালী কৰি আহিছে। স্কোডা ছুপাৰ কেয়াৰৰ মুকলিয়ে এক নতুন মাপকাঠি স্থাপন কৰিছে। এই গ্ৰাহক-প্ৰথম পদ্ধতি সেৱা প্ৰক্ৰিয়া, স্বচ্ছতা আৰু অভিগম্যতাৰ নিৰন্তৰ উন্নতিৰ দ্বাৰা পৰিপূৰক।বিশ্বৰ ১৮০ খনতকৈও অধিক চহৰত ৩৩০ টা গ্ৰাহক টাচ্চপইণ্টৰ ক্ৰমবৰ্ধমান নেটৱৰ্কৰে স্কোডা অটো ইণ্ডিয়াই নিজৰ প্ৰসা অব্যাহত ৰাখিছে। ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত স্কোডা অটো ইণ্ডিয়াৰ প্ৰদৰ্শনৰ ভিত্তি হৈছে এটা শক্তিশালী আৰু বিকশিত প্ৰডাক্ট পৰ্টফলিঅ’ যিয়ে পৰিৱৰ্তিত গ্ৰাহকৰ আশাৰ সৈতে অনুৰণন অব্যাহত ৰাখিছে। শিতান প্ৰথম প্ৰযুক্তি যেনে সম্পূৰ্ণ নতুন আঠ স্পীড অটোমেটিক ট্ৰেন্সমিছন আৰু ৰিয়াৰ ছীট মেছেজাৰৰ দৰে বৈশিষ্ট্যৰ লগতে সমগ্ৰ ৰেঞ্জতে উন্নত মানসম্পন্ন সঁজুলিৰে নতুন কুশ্বাক বাহনে স্কোডা অটো ইণ্ডিয়াৰ উচ্চ মূল্য আৰু সুলভ ইউৰোপীয় প্ৰযুক্তি প্ৰদানৰ ওপৰত মনোনিৱেশক অধিক শক্তিশালী কৰিলে। একে সময়তে শ্লাভিয়াই অবিৰত বাহন যোগান অব্যাহত ৰাখিছে, আনহাতে ক’ডিয়াকে বিলাসী এছইউভি পৰিসৰত ব্ৰেণ্ডটোৰ সবল উপস্থিতি বজাই ৰাখিছে। Share this:FacebookX Related Post navigation হত্যাৰ গোচৰত দোষী সাব্যস্ত অমিত যোগী; ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক কাৰাদণ্ডৰ নিৰ্দেশ হোন্ডা মোটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া এ অসমত নিজৰ নেটৱৰ্ক বৃদ্ধি কৰি মৰিগাঁওত নতুন ডিলাৰশ্বিপ মুকলি কৰিলে