শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত লিয়নেল মেছিৰ ভ্ৰমণৰ সময়ত বিশৃংখলতাৰ সৃষ্টি হয় ৷ আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীৰ আভাস পাবলৈ বৃহৎসংখ্যক অনুৰাগী সমবেত হৈছিল যদিও কিছু মিনিটৰ ভিতৰতে তেওঁলোকে অনুষ্ঠানটোৰ অপব্যৱস্থাপনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল ৷ছল্ট লেক ষ্টেডিয়ামত মেছিৰ অনুৰাগীসকল অবিশ্বাস্যভাৱে উৎসাহী আছিল। অৱশ্যে তেওঁলোকেই প্ৰথমে হুলস্থুলৰ সৃষ্টি কৰিছিল। অনুৰাগীসকলে মেছিক ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামৰ ব্ৰেকেটিঙত উঠিবলৈ চেষ্টা কৰা দেখা গৈছিল। ইয়াৰ ফলত একাংশ অনুৰাগী ক্ষুব্ধ হৈ পৰে আৰু তেওঁলোকে ষ্টেডিয়ামৰ পৰা খেলপথাৰলৈ চকী নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰে যে মেছিয়ে মাত্ৰ ১০ মিনিটৰ বাবে ষ্টেডিয়ামত প্ৰৱেশ কৰে আৰু মন্ত্ৰী আৰু ৰাজনীতিবিদে তেওঁক ঘেৰি ধৰে । তদুপৰি তেওঁ এটাও কিক বা পেনাল্টি লোৱা নাছিল আৰু বহুতে মেছিক এক পলকো চোৱাত ব্যৰ্থ হয় ।টিকটৰ বাবে ৪,৫০০ৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত ধন দিয়া অনুৰাগীয়ে ফাইবাৰগ্লাছৰ আসনসমূহৰ ক্ষতিসাধন কৰাৰ ফলত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয় ।অনুৰাগীয়ে অনুষ্ঠানটো চলি নাথাকিব বুলি গম পোৱাৰ লগে লগে সমগ্ৰ ষ্টেডিয়ামতে প্ৰতিবাদৰ জোৱাৰ উঠে আৰু ক্ষুব্ধ অনুৰাগীয়ে বিস্ফোৰণ ঘটায়। ইয়াৰ পিছতে অনুৰাগীয়ে খেলপথাৰৰ তলৰ অংশৰ সমীপৰ বেৰিকেড ভাঙি খেলপথাৰত প্ৰৱেশ কৰে। অনুৰাগীৰ ক্ষোভ জুই খেলপথাৰত বিয়পি পৰিল, উপায়ন্তৰ হৈ আৰক্ষীয়ে লাঠিচাৰ্জো কৰিব লগাত পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *