ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে নিজৰ জনপ্ৰিয় চাব-ফোৰ মিটাৰ এছইউভিৰ শেহতীয়া সংস্কৰণ নতুন কিগাৰ, য’ত ডিজাইন, প্ৰযুক্তি, প্ৰদৰ্শন আৰু সুৰক্ষাৰ ক্ষেত্ৰত ৩৫তকৈও অধিক উন্নতি সাধন কৰা হৈছে। এছইউভিখনত আছে শক্তিশালী ১০০ পি এছ টাৰ্বোচাৰ্জড ইঞ্জিন, যিয়ে শ্ৰেণীৰ অগ্ৰণী টৰ্ক-টু-ৱেইট ৰেচিঅ’ আৰু ছেগমেণ্ট-প্ৰথম ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰে। ৬.২৯ লাখৰ পৰা ১১.২৯ লাখ (এক্স-শ্ব’ৰুম)ৰ ভিতৰত মূল্যৰ নতুন কিগাৰ প্ৰিমিয়াম টেকন’ আৰু ইমচন ভেৰিয়েণ্টকে ধৰি একাধিক ৰূপত উপলব্ধ।

বাহনখনৰ আকৰ্ষণীয় মূল দিশসমূহৰ ভিতৰত হৈছে এক ন ৰূপত ডিজাইন কৰা গ্ৰীল, এলইডি হেডলেম্প আৰু টেইললেম্প, ১৬ ইঞ্চি ডাইমণ্ড-কাট এলয় হুইল, ডুৱেল-টোন ইণ্টেৰিয়ৰ, ভেণ্টিলেটেড লেডাৰেট ছীট আৰু ৱায়াৰলেছ স্মাৰ্টফোন সংযোগ আৰু থ্ৰীডি আৰ্কামিছ® চাৰাউণ্ড চাউণ্ডৰ সৈতে ২০.৩২ চে.মি. টাচ্চস্ক্ৰীন ইনফ’টেইনমেণ্ট চিষ্টেম। সুৰক্ষা যথেষ্ট উন্নীত কৰা হৈছে, ২১টা মানসম্পন্ন সুৰক্ষা বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে, য’ত ছটা এয়াৰবেগ, ইএছপি, ট্ৰেকচন কণ্ট্ৰ’ল আৰু হিল ষ্টাৰ্ট এছিষ্ট আছে।

ৰেনল্ট ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ভেংটৰাম মামিল্লাপল্লেই এই বিষয়ে সদৰি কৰি কয় যে কিগাৰৰ শেহতীয়া বিবর্তনে ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত এছইউভি খণ্ডত “অভিব্যক্তিপূৰ্ণ ডিজাইন, বুদ্ধিদীপ্ত অভিযান্ত্ৰিক আৰু বাস্তৱ-বিশ্বৰ প্ৰদৰ্শন “ৰ প্ৰতি  প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।গুৱাহাটী মহানগৰীতো মিশ্ৰিত নগৰ-গ্ৰাম্য ড্ৰাইভিং পৰিস্থিতিৰ বাবে সংপৃক্ত এছইউভিৰ চাহিদা বেছি, নতুন কিগাৰ বাহনখনে যুৱ পেছাদাৰী আৰু পৰিয়ালসমূহক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।  ব্যৱসায়ীসকলে ভৱিষ্যদ্বাণী কৰিছে যে প্ৰতিযোগিতামূলক মূল্যত বলিষ্ঠ আৰু আকৰ্ষণীয় ষ্টাইল বিচাৰি থকা ক্ৰেতাসকলৰ মাজত অয়েছিচ য়েল্ল’ আৰু শ্বেডো গ্ৰে ৰঙৰ বাহনসমূহ বিশেষভাৱে অনুৰণিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *