নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত হাই-প্ৰফাইল ‘ইণ্ডিয়া এআই ইমপেক্ট চামিট’ত হোৱা ব্যাপক বিশৃংখলাক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। সন্মিলনৰ প্ৰথম দিনটোতে ইন্টাৰনেটৰ বিসংগতিৰ পৰা আৰম্ভ কৰি খাদ্য-পানীৰ অভাৱলৈকে যি পৰিস্থিতিৰ সৃষ্টি হ’ল, তাক কেন্দ্ৰ কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে চৰকাৰক “প্ৰচাৰ সৰ্বস্ব” বুলি তুলাধুনা দিয়ে। তেওঁ অভিযোগ কৰে যে চৰকাৰৰ অদক্ষতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে লজ্জানত হ’বলগীয়া হৈছে। উল্লেখ্য যে, প্ৰথম দিনাৰ এই চামিটত দেশ-বিদেশৰ পৰা অহা প্ৰতিনিধিসকলে প্ৰৱেশ পথত ঘণ্টাৰ পাছত ঘণ্টা ধৰি শাৰী পাতি থিয় দিবলগীয়া হয়। আনকি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে একাংশ উদ্যোগীক দীৰ্ঘসময় ধৰি আৱদ্ধ কৰি ৰখাৰ ফলত বিশৃংখলতাই চৰম সীমা পায়। খৰ্গেৰ মতে, প্ৰধানমন্ত্ৰীয়ে ফটো উঠাৰ সুযোগ বিচাৰি চামিটৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মাইছে। খৰ্গেয়ে কয়, “ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দিয়া চৰকাৰৰ এআই চামিটত পেমেন্টৰ বাবে কেৱল নগদ ধনহে গ্ৰহণ কৰা হৈছে আৰু লেপটপ লৈ যোৱাটো নিষেধ কৰা হৈছে, ইয়াতকৈ হাস্যকৰ কথা কি হ’ব পাৰে?” কেৱল খৰ্গেই নহয়, তৃণমূল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিৰোধীৰ অন্য নেতাসকলেও এই অব্যৱস্থাপনাৰ বাবে ‘ৰীল মন্ত্ৰী’ অশ্বিনী বৈষ্ণৱক লক্ষ্য কৰি লয়। সন্মিলনত ইন্টাৰনেট সেৱা নথকাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ডেম’ ব্যৰ্থ হোৱাৰ লগতে প্ৰদৰ্শকসকলৰ সামগ্ৰী চুৰি হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিৰোধীৰ মতে, চৰকাৰে কেৱল নিজৰ ভাবমূৰ্তি জিলিকোৱাত ব্যস্ত থকাৰ বাবে প্ৰকৃত উদ্ভাৱকসকল এতিয়া হতাশ হৈ পৰিছে। ইফালে, এনে ব্যাপক সমালোচনা আৰু বিভ্ৰাটৰ পাছতে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হয়। মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, “প্ৰথম দিনা যিসকল লোকে অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আমাৰ দলটোৱে দিনে-নিশাই কাম কৰি আছে যাতে বাকী থকা দিনকেইটাত সকলো কাম সুকলমে সম্পন্ন হয়।” সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ বাবে এটা ‘ৱাৰ ৰুম’ স্থাপন কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। Share this:FacebookX Related Post navigation মিঞা বিতৰ্কক লৈ উত্তপ্ত বিধানসভাঃ এআইইউডিএফৰ স্থগিতাদেশ প্ৰস্তাৱ নাকচ, বিৰোধীৰ সদন ত্যাগ ৰাইজৰ স্বাৰ্থ বিক্ৰী কৰা নেতৃত্বই ব্যৰ্থ’ — খোৱাঙত লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক আক্ৰমণ