কেনভিউৱে সম্পূৰ্ণ হাইড্ৰেচনৰ বাবে দুটা ব্ৰেণ্ড—অ’আৰএছএল™ আৰু ইআৰজেডএল™ৰ সৈতে দ্বৈত ব্ৰেণ্ড কৌশল ঘোষণা কৰিছে। এই পদক্ষেপে ডায়েৰিয়া আৰু দৈনন্দিন হাইড্ৰেচন দুয়োটাৰে সৈতে মোকাবিলা কৰিবলৈ অভিনৱ সমাধান আগবঢ়াই ভাৰতৰ হাইড্ৰেচন শিতানত কোম্পানীটোৰ নেতৃত্ব সবল কৰি তুলিছে, কিয়নো ডিহাইড্ৰেচনে জনস্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ উদ্বেগ হিচাপে আত্মপ্ৰকাশ কৰিছে। নিজৰ “ডাবল পাৱাৰ ফৰ কমপ্লিট হাইড্ৰেচন” ব্ৰেণ্ড কৌশলৰ জৰিয়তে কোম্পানীয়ে গ্ৰাহকসকলক বৈজ্ঞানিকভাৱে সমৰ্থিত দুটা হাইড্ৰেচন ব্ৰেণ্ড-অ’আৰএছএল™ আৰু ইআৰজেডএল™ প্ৰদান কৰিবলৈ সাজু হৈছে। অ’আৰএছএল™: ডায়েৰিয়া ডিহাইড্ৰেচনৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্ৰৰ ভিত্তিত এতিয়া অ’আৰএছএল™ কোম্পানীটোৰ অ’আৰএছ পৰ্টফলিঅ’ৰ ব্ৰেণ্ড নাম ৰূপে পৰিগণিত হ’ব।

ইয়াক ৰেডি-টু-ড্ৰিংক আৰু পাউদাৰ ফৰ্মেটতো উপলব্ধ। ইআৰজেডএল™: ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব লগা ইআৰজেডএল™ হৈছে বৈজ্ঞানিক ভিত্তিত ইলেক্ট্ৰ’লাইট পানীয় পৰ্টফলিঅ’ৰ নতুন ব্ৰেণ্ড নাম (পূৰ্বতে অ’আৰএছএল ইলেক্ট্ৰ’লাইট পানীয় পৰ্টফলিঅ’) দৈনন্দিন হাইড্ৰেচন আৰু ভাগৰ আৰু ক্লান্তিৰ পৰা অৱসানৰ বাবে বিকল্প। গ্ৰাহকসকলক জ্ঞানিক ভিত্তিত প্ৰস্তুত হাইড্ৰেচন সমাধান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আৰু ইয়াক আগুৱাই নিবলৈ কোম্পানীয়ে নতুন আৰু উন্নত পদ্ধতিৰেইআৰজেডএল™ মুকলি কৰিছে। ইআৰজেডএল™-এ পূৰ্বৰ সামগ্ৰীৰ তুলনাত ১.৪গুণ অধিক ইলেক্ট্ৰ’লাইট আৰু ৮গুণ কম শৰ্কৰাৰ সৈতে পানীৰ তুলনাত দ্ৰুত হাইড্ৰেচন প্ৰদান কৰে আৰু গৰমৰ ক্লান্তি, পেশীৰ ক্ৰেম্প আদিৰ দৰে অৱস্থাত মৃদুৰ পৰা মধ্যমীয়া ডিহাইড্ৰেচনৰ সময়ত ক্লান্তি বা ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিলে সহায়ক হিচাপে কাম কৰে। দৈনন্দিন হাইড্ৰেচনৰ বাবে ডিজাইন কৰা ইআৰজেডএল™ ইলেক্ট্ৰলাইট ড্রিংকে তিনিটা গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট (ছডিয়াম, পটাছিয়াম, ক্লৰাইড) আৰু ভিটামিন চিৰ সৈতে প্ৰকৃত ফলৰ ৰসে হাইড্ৰেচন প্ৰদান কৰে, যি সুস্বাদু আৰু অপৰাধমুক্ত। কোম্পানীটোৰ দ্বৈত ব্ৰেণ্ড হাইড্ৰেচন ৰণকৌশল সন্দৰ্ভত মন্তব্য কৰি কেনভিউৰ ভাৰতৰ পৰিচালন সঞ্চালক মনীষ আনন্দানীয়ে কয় যে, “ডিহাইড্ৰেচন এক গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত উদ্বেগ হিচাপে উদ্ভৱ হোৱাৰ লগে লগে আমি এই প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ আমাৰ হাইড্ৰেচন পৰ্টফলিঅ’ উদ্ভাৱন আৰু সম্প্ৰসাৰণ কৰি আহিছোঁ। আন এটা পদক্ষেপ গ্ৰহণ কৰি আমি আমাৰ পৃথক দুটা ব্ৰেণ্ডৰ কৌশল-অ’আৰএছএল™ আৰু ইআৰজেডএল™ মুকলি কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছো যাতে ডায়েৰিয়া আৰু দৈনন্দিন হাইড্ৰেচনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা ভাৰতৰ ইলেক্ট্ৰলাইট পানীয় শ্ৰেণীৰ অপৰিসীম সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিব পাৰি।” 

ভাৰতৰ কেনভিউৰ চেলফ কেয়াৰৰ ব্যৱসায়িক গোটৰ মুৰব্বী প্ৰশান্ত সিন্দেই এই বিষয়ে সদৰি কৰি কয় যে, “গ্ৰাহকসকলে অসুস্থ বা দুৰ্বল অনুভৱ কৰাৰ সময়ত ক্ৰমান্বয়ে কম মিঠা, কম কেলৰিৰ বিকল্পৰ লগতে পানীৰ বাহিৰেও উপযোগী হাইড্ৰেচন সমাধান বিচাৰে।  সম্পূৰ্ণ নতুন ইআৰজেডএল™-এ নিজৰ উন্নত সংমিশ্ৰণৰ সৈতে গ্ৰাহকসকলক এনে অনুষ্ঠানৰ বাবে দ্ৰুততাৰে ভাল অনুভৱ কৰিবলৈ এক স্বাস্থ্যকৰ হাইড্ৰেচন বিকল্প প্ৰদান কৰে।” কেনভিউ ইণ্ডিয়াৰ চিকিৎসা আৰু সুৰক্ষা বিজ্ঞান বিভাগৰ মুৰব্বী ডাঃ নিখিল বাংগালে এই বিষয়ত আলোকপাত কৰি কয় যে, “দ্ৰুত হাইড্ৰেচনৰ সুবিধাৰ বাবে ইলেক্ট্ৰলাইট, মূল পুষ্টি আৰু শক্তিৰ সৰ্বোত্তম ঘনত্বৰ ওপৰত ভিত্তি কৰি ইলেক্ট্ৰলাইট পানীয় বাচনি কৰা উচিত।”

Leave a Reply

Your email address will not be published. Required fields are marked *