আজি পুৱা উত্তৰাখণ্ডৰ কেদাৰনাথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই সমগ্ৰ দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীকুণ্ড অঞ্চলৰ সমীপত। এই দুৰ্ঘটনাত হেলিকপ্টাৰত থকা ৭ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়। বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। লাভ কৰা তথ্য অনুসৰি আৰিয়ান এভিয়েচন নামৰ এটা ব্যক্তিগত কোম্পানীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনা গৌৰীকুণ্ড আৰু ত্ৰিজুগিনাৰায়ণ নাৰায়ণৰ মাজতে সংঘটিত হৈছে। প্ৰতিকূল বতৰৰ বাবেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি কোৱা হৈছে। এছডিআৰএফ, স্থানীয় প্ৰশাসন আৰু অন্যান্য উদ্ধাৰকাৰী দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।কেদাৰনাথৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন আজি পুৱা প্ৰায় ৫:২০ বজাত কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে উৰা মাৰে, কিছু সময়ৰ পিছত গৌৰীকুণ্ডৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *