কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্য়াঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিগত কেইবছৰমানৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি পাইছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে উপলব্ধ চৰকাৰী পৰ্যটনৰ তথ্যই দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্য়া প্ৰকাশ কৰাৰ পিছতেই এই ছবিখন স্পষ্ট হৈ পৰিছে । বিশেষকৈ বিদেশী পৰ্যটকৰ সংখ্য়া বৃদ্ধিয়ে ৰাষ্ট্ৰীয় উদ্যানখনলৈ কঢ়িয়াইছে আশাৰ সঞ্চাৰ । ৰাষ্ট্ৰীয় উদ্যানে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ২০২৫–২৬ পৰ্যটন বতৰত (২৭ ডিচেম্বৰলৈকে) কাজিৰঙাত ইতিমধ্যে ১,৪৬,১৫৭ গৰাকী দৰ্শনাৰ্থীয়ে পদাৰ্পণ কৰিছে । ইয়াৰে ১,৩৯,৪৫৮ গৰাকী ভাৰতীয় পৰ্যটক আৰু বিদেশী পৰ্যটকৰ সংখ্য়া হৈছে ৬,৬৯৯ গৰাকী । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালিকা ডঃ সোণালী ঘোষে এই সন্দৰ্ভত কয়, “এই সংখ্যা বিশেষভাৱে উল্লেখযোগ্য । কাৰণ ছাফাৰীৰ বতৰৰ মাত্ৰ তিনি মাহৰ ভিতৰত অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰত এই সংখ্যা লাভ কৰা হৈছে যিয়ে ঋতুৰ শেষলৈকে সৰ্বকালৰ নতুন অভিলেখৰ সম্ভাৱনাৰ ইংগিত দিছে ।” Share this:FacebookX Related Post navigation ডাৰ্ক চকলেট আলমণ্ড অৰেঞ্জ কেকৰ সৈতে উৎসৱমুখৰ বেকিঙত এক স্বাস্থ্যকৰ টুইষ্ট যোগ কৰা হৈছে যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত লাগিল জুই