ৰাজ্য চৰকাৰে সলনি কৰিলে কৰিমগঞ্জ জিলাৰ নাম। কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিন্ধান্ত লোৱাৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয়-ৰাজ্যৰ গাঁও, নগৰ, চহৰ, জিলাসমূহৰ নাম সেই স্থানৰ ঐতিহ্যৰ চানেকী হিচাপে নামাকৰণ কৰাৰ অংশ হিচাপে কৰিমগঞ্জ জিলাৰ নাম ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গাঁও, ঠাইৰ নাম সলনি কৰা হৈছে। গাঁও তথা জিলাসমূহৰ নাম ঐতিহাসিক গুৰুত্বৰ লগতে অভিধানিক হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়-কেবিনেটত পঞ্চায়ত নির্বাচনক লৈ বিশদ আলোচনা কৰা হয়। ডিচেম্বৰৰ আগতে ভোটাৰ তালিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভোটাৰ তালিকা প্রকাশ পালে ১০ ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নির্বাচন সমাপ্ত কৰিব পৰা যাব। জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা কৰা হ’ব। পঞ্চায়ত নির্বাচন দুটা পর্যায়ত অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ ৰাজধানী দিল্লী অসমসহ চাৰি ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলম্ব হোৱাত উদ্বিগ্ন উচ্চতম ন্যায়ালয়