পহিলা ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ মঙলদৈ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া টেচি টাগাৰ অৰুণাচল টি-২০ চেম্পিয়নশ্বিপত অভিষেক ঘটোৱাৰ পূৰ্বে এক বৰ্ণিল অনুষ্ঠানত কামেং কিংছে আনুষ্ঠানিকভাৱে নিজৰ জাৰ্চি আৰু ল’গ’ উন্মোচন কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ ক্ৰিকেট স্পিৰিটক উদযাপন কৰা হয় আৰু দলটোৰ সম্ভাৱনাপূৰ্ণ স্পিন চাঞ্চল্য টিএনআৰ মোহিতক আত্মপ্ৰকাশ কৰোৱা হয়, যিয়ে অভিষেকতে ছিকিমৰ বিৰুদ্ধে ৯ উইকেট দখল কৰি প্ৰথম শ্ৰেণীৰ ছিজনত আকৰ্ষণীয় ১৯টা উইকেট দখল কৰি অৰুণাচল ক্ৰিকেটৰ নতুন চাঞ্চল্য ৰূপে বিবেচিত হৈছে। এই অনুষ্ঠানত উপস্থিত থকা প্ৰধান গণ্যমান্য ব্যক্তিসকলৰ ভিতৰত আছিল অৰুণাচল ক্ৰিকেট সন্থাৰ বিধায়ক তথা সন্মানীয় সচিব নাবাম বিবেক আৰু আৰচিএৰ উপাধ্যক্ষ গেদা কাবাক, যি দুয়োজনেই ৰাজ্যজুৰি ক্ৰিকেট প্ৰতিভাক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ ভূমিকা পালন কৰিছে। অভিষেক ছিজনৰ সময়ত অধিনায়ক নাবাম বিবেকে দেখুওৱা পথ প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰি কামেং আৰু অঞ্চলটোৰ প্ৰত্যাশাক লৈ নিজৰ অভিমত সদৰি কৰে।কামেং কিংছৰ জাৰ্চি পৰিধান কৰিবলৈ পোৱাটো কেৱল ক্ৰিকেট খেলতে সীমাৱদ্ধ নহয়-ই এটা অঞ্চলৰ আশাৰ প্ৰতিনিধিত্ব কৰাৰো বিষয়”, মোহিতে এইদৰে কয়। অভিষেকতে ৯ উইকেট মোৰ বাবে বিশেষ হৈ ৰ’ব, কিন্তু আমি এই ছিজনত এটা টীম হিচাপে একেলগে কি প্ৰাপ্ত কৰিব পাৰোঁ সেই দিশটোক লৈ মই অধিক উৎসাহী। নাবাম আবোৰ অধিনায়কত্বত মই আত্মপ্ৰকাশ কৰিবলৈ পাই ভাল লাগিছে।” ফ্ৰেঞ্চাইজিৰ প্ৰধান পৃষ্ঠপোষক অৰবিন্দ তাদাকামাল্লাই এই বিষয়ে কয় যে, “কামেং কিংছক সমৰ্থন কৰাটো পৃষ্ঠপোষকতাতে সীমাৱদ্ধ নহয়-এয়া হৈছে অৰুণাচলৰ যুৱক-যুৱতী আৰু ভৱিষ্যতৰ বাবে এক বিনিয়োগ।”প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিব আৰু সকলোবোৰ মেচ গুৱাহাটীত আয়োজন কৰা হ’ব, যিয়ে ক্ৰিকেটপ্ৰেমী আৰু খেলুৱৈসকলক একত্ৰিত কৰিব। গুৱাহাটী চহৰখন উত্তৰ-পূবৰ ক্ৰিকেটৰ প্ৰাণকেন্দ্ৰ আৰু আন্তঃগাঁথনিৰে ভৰপূৰ, সেয়েহে এই চেম্পিয়নশ্বিপৰ সময়ত চহৰখনলৈ ক্ৰীড়া পৰ্যটন আৰু বাণিজ্যৰ সুযোগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation ৰেডএক্স ফেমিলী প্লেনৰ সৈতে প্ৰিমিয়াম পোষ্টপেডত বৃহৎ চমক ভি-ৰ; টায়াৰ-২ বজাৰ দখলৰ লক্ষ্য় নগাঁৱত ভয়ংকৰ ঘটনা