অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ দাখিল কৰা চাৰ্জশ্বীটৰ বিশ্বাসযোগ্যতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বৃহস্পতিবাৰে যোৰহাটত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গগৈয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিবলৈকে এই চাৰ্জশ্বীটখন এক নিৰ্দিষ্ট ধৰণে প্ৰস্তুত কৰা হৈছে।

গৌৰৱ গগৈৰ মতে, ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তাসকলেও এই চাৰ্জশ্বীটখনক অত্যন্ত দুৰ্বল বুলি অভিহিত কৰিছে। তেওঁ দাবী কৰে যে তদন্তত বহু গুৰুত্বপূৰ্ণ ব্যক্তিৰ নাম অভিযুক্তৰ তালিকাৰ পৰা বাদ দিয়া হৈছে, যাৰ ফলত সাধাৰণ ৰাইজৰ এই তদন্তৰ ওপৰত থকা আস্থা হেৰাই গৈছে। জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীৰ মৃত্যুত ন্যায় পাবনে নাই, তাক লৈ সমগ্ৰ অসমতে এতিয়াও সন্দেহৰ আৱৰ্তত আছে বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীৰ ধমকি আৰু ভাবুকিক প্ৰত্যাহ্বান জনাই গগৈয়ে কয় যে এনে মন্তব্যই এতিয়া জনসাধাৰণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। তেওঁ কয় যে অহা চাৰি মাহৰ পাছত যেতিয়া চৰকাৰৰ ক্ষমতা হেৰাব, তেতিয়া তেওঁ ৰাইজৰ মাজতে থাকিব লাগিব। গগৈৰ মতে, ক্ষমতাৰ বলত প্রভাবশালী লোকক সুৰক্ষা দিয়াৰ এই প্ৰচেষ্টা বেছিদিন নিটিকে। এই চাৰ্জশ্বীট কেৱল দায় সাৰিবলৈহে কৰা হৈছে বুলিও তেওঁ তীব্ৰ সমালোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *