অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ বুধবাৰেও উচ্চ ন্যায়ালয়ত চলিল তীব্ৰ যুক্তি-তৰ্ক। বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে বিশাল চাৰ্জশ্বীট দাখিল কৰিছে যদিও আবেদনকাৰীসকলে এতিয়াও চিবিআই তদন্তৰ দাবীত অটল আছে। বুধবাৰে গৌহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা এই আবেদনত এছআইটিৰ তদন্তৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। আবেদনকাৰীৰ অধিবক্তাই আদালতক জনায় যে এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বীটখন অতি বৃহৎ আৰু জটিল। ইয়াৰ প্ৰতিটো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। সেইবাবে আদালতৰ দ্বাৰা নিযুক্ত এখন বিশেষ কমিটিয়ে এই চাৰ্জশ্বীট পৰীক্ষা কৰি এক বিতং প্ৰতিবেদন দাখিল কৰিব। আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অভিজিৎ শৰ্মাই কয় যে চাৰ্জশ্বীট দাখিল হ’লেও তেওঁলোক সন্তুষ্ট নহয়। তেওঁলোকে লক্ষ্য ৰাখিব যাতে কোনো অভিযুক্তই জামিনত সাৰি যাব নোৱাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা বৰ্ষৰ ১৩ মাৰ্চত অনুষ্ঠিত হ’ব। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা সমগ্ৰ অসমতে এক আৱেগিক আৰু ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে, কামৰূপ (মহানগৰ) মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযুক্ত সাতজনৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। নিৰাপত্তাৰ খাতিৰত তেওঁলোকক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হৈছে। উকীল সন্থাই অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লোৱাত চৰকাৰী পক্ষৰ পৰা তেওঁলোকক আইনী সহায় আগবঢ়োৱা হৈছে। বিচাৰ বিভাগীয় আদালতত এই গোচৰৰ পৰৱৰ্তী শুনানি ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ বুধবাৰেও উচ্চ ন্যায়ালয়ত চলিল তীব্ৰ যুক্তি-তৰ্ক। বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে বিশাল চাৰ্জশ্বীট দাখিল কৰিছে যদিও আবেদনকাৰীসকলে এতিয়াও চিবিআই তদন্তৰ দাবীত অটল আছে। বুধবাৰে গৌহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা এই আবেদনত এছআইটিৰ তদন্তৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। আবেদনকাৰীৰ অধিবক্তাই আদালতক জনায় যে এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বীটখন অতি বৃহৎ আৰু জটিল। ইয়াৰ প্ৰতিটো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। সেইবাবে আদালতৰ দ্বাৰা নিযুক্ত এখন বিশেষ কমিটিয়ে এই চাৰ্জশ্বীট পৰীক্ষা কৰি এক বিতং প্ৰতিবেদন দাখিল কৰিব। আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অভিজিৎ শৰ্মাই কয় যে চাৰ্জশ্বীট দাখিল হ’লেও তেওঁলোক সন্তুষ্ট নহয়। তেওঁলোকে লক্ষ্য ৰাখিব যাতে কোনো অভিযুক্তই জামিনত সাৰি যাব নোৱাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা বৰ্ষৰ ১৩ মাৰ্চত অনুষ্ঠিত হ’ব। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা সমগ্ৰ অসমতে এক আৱেগিক আৰু ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে, কামৰূপ (মহানগৰ) মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযুক্ত সাতজনৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। নিৰাপত্তাৰ খাতিৰত তেওঁলোকক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হৈছে। উকীল সন্থাই অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লোৱাত চৰকাৰী পক্ষৰ পৰা তেওঁলোকক আইনী সহায় আগবঢ়োৱা হৈছে। বিচাৰ বিভাগীয় আদালতত এই গোচৰৰ পৰৱৰ্তী শুনানি ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation তিনিচুকীয়াত শোকাকুল পৰিৱেশ! অৰুণাচলৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২০ শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ হিজাব বিতৰ্কত নীতিশ কুমাৰক মুকলি ভাবুকি পাকিস্তানী ডনৰ; ক্ষমা খুজিবলৈ বান্ধি দিলে সময়সীমা