ভাৰতত ৪০,০০০খন বাহন বিক্ৰী অতিক্ৰম কৰা দেশৰ অন্যতম সৰ্বাধিক বিক্ৰী হোৱা বৈদ্যুতিক বাহন উইণ্ডচৰৰ এবছৰীয়া যাত্ৰা উপলক্ষে বৃহস্পতিবাৰে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই সীমিত সংস্কৰণৰ উইণ্ডচৰ ইনস্পায়াৰ এডিচন মুকলি কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ উন্নয়ন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহত উন্মোচন কৰা এই সংস্কৰণত আকৰ্ষণীয় পাৰ্ল হোৱাইট আৰু ষ্টাৰী ব্লেক ডুৱেল-টোন এক্সটেৰিয়ৰ, ৰজ গল্ড ক্লেডিঙৰ সৈতে ১৮ ইঞ্চিৰ অল-ব্লেক এলয় হুইল আৰু ১৩৫ ডিগ্ৰী ৰেকলাইন এৰো লাউঞ্জ ছীটৰ সৈতে প্ৰিমিয়াম চেংৰিয়া ৰেড আৰু ব্লেক চামৰাৰ ইণ্টেৰিঅ’ৰ সন্নিৱিষ্ট কৰা হৈছে। মন্ত্ৰী গাডকাৰীয়ে ভাৰতৰ বৰ্ধিত বৈদ্যুতিক গতিশীলতা খণ্ডৰ ওপৰত আলোকপাত কৰি এই পদক্ষেপৰ প্ৰশংসা কৰিছে।

“স্বচ্ছ গতিশীলতা আমাৰ পৰিৱেশৰ বাবে অত্যাৱশ্যকীয় আৰু বহনক্ষম উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থান দিছে”, তেওঁ এইদৰে কয়। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই ইনস্পায়াৰ সংস্কৰণক কোম্পানীটোৰ গ্ৰাহক আৰু দেশৰ ইভি আন্দোলনৰ প্ৰতি সশ্ৰদ্ধ নিবেদন হিচাপে বৰ্ণনা কৰিছে।গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমত উইণ্ডচৰত তীব্ৰ চাহিদা দেখা গৈছে, স্থানীয় ডিলাৰশ্বিপসমূহে মুকলিৰ প্ৰথম সপ্তাহতে ৫০০ৰো অধিক বুকিঙৰ প্ৰতিবেদন দিছে।

গ্ৰাহকসকলে বাছ মূল্য নিৰ্ধাৰিত মডেল আৰু উন্নত ব্যক্তিগতকৰণ বিকল্পসমূহৰ প্ৰতি ইতিবাচক সঁহাৰি জনাইছে, য’ত আছে স্কাইলাইট ইনফিনিটি ৰুফ ছাদ আৰু ৱায়াৰলেছ আলোকিত ছীল প্লেট, যিয়ে চহৰখনৰ বহনক্ষম নগৰীয়া গতিশীলতাৰ দিশত ক্ৰমাৎ বৰ্ধিত ৰূপান্তৰক প্ৰতিফলিত কৰিছে। এই সীমিত ৩০০খন বাহন সংস্কৰণৰ বুকিং আজি মুকলি কৰা হৈছে, ১৫ অক্টোবৰৰ পৰা বাহনৰ ডেলিভাৰী আৰম্ভ হ’ব। উইণ্ডছৰ ইনস্পয়াৰ সংস্কৰণৰ মূল্য ১৬.৬৪ লাখ (এক্স-শ্ব’ৰুম) আৰু বেটাৰী-এজ-এ-ছাৰ্ভিচ মডেলৰ অধীনত ৩.৯/কি.মি ৰানিং ব্যয় প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *