উছৱৰ আনন্দৰ মাজতে মিজোৰামৰ সংবাদ জগতলৈ নামি আহিছে এক গভীৰ শোকৰ ছাঁ। আইজল চহৰৰ এটা ভাড়াতীয়া বাসগৃহৰ পৰা এগৰাকী চৰ্চিত মহিলা সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ কৰ্মনিষ্ঠা আৰু সততাৰ বাবে পৰিচিত এই সাংবাদিকগৰাকীৰ এনে আকস্মিক বিদায়ত সহকৰ্মীসকল মৰ্মাহত হৈ পৰিছে।

আৰক্ষীয়ে জনোৱা মতে, ৪১ বছৰীয়া সাংবাদিক এজৰেলা দালিদিয়া ফানাইক বৃহস্পতিবাৰে অৰ্থাৎ ২৫ ডিচেম্বৰৰ পুৱা আইজলৰ নিজা বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। যোৱা দুবছৰ ধৰি তেওঁ ইণ্ডিয়া টুডে গ্ৰুপৰ সৈতে জড়িত হৈ আছিল। ইয়াৰ পূৰ্বেও তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানত নিষ্ঠাৰে কাম কৰিছিল।

জানিব পৰা মতে, মাতৃৰ বিয়োগৰ পাছত ফানাইয়ে বাসগৃহত অকলশৰীয়াকৈ বাস কৰিছিল। বুধবাৰে বৰদিনৰ আনন্দৰ মাজতে তেওঁৰ মৃত্যুৰ খবৰে সকলোকে আচৰিত কৰি তোলে। আৰক্ষীয়ে বৰ্তমানলৈকে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই।

ইতিমধ্যে আৰক্ষীয়ে ফানাইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে তেওঁৰ মৃত্যু স্বাভাৱিক নে ইয়াৰ আঁৰত অন্য কিবা ৰহস্য আছে, সেই কথা স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *