জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে এক ভয়ানক সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ ৮ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। কিষ্টৱাৰৰ সোণাৰৰ ঘন অৰণ্য অঞ্চলত এই সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰে। সম্প্ৰতি অঞ্চলটোত সেনাই এক বিশাল অভিযান অব্যাহত ৰাখিছে। এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ভিতৰত তিনিজনৰ অৱস্থা কিছু গুৰুতৰ বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।সেনাৰ সূত্ৰ মতে, অভিযানৰ সময়ত জোৱানসকলে সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰি ধৰিছিল। কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সেনালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে, ইয়াৰ ফলত ৮ জন জোৱান আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৩ জন জোৱানৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বিমানযোগে লৈ যোৱা হৈছে।সেনাৰ ‘হোৱাইট নাইট কৰ্পছ’, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফ-এ যুটীয়াভাৱে দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা এই অভিযান আৰম্ভ কৰিছিল। ইয়াৰ নাম দিয়া হৈছে ‘অপাৰেচন ত্ৰাশী-১’। বাতৰি অনুসৰি, সন্ত্ৰাসবাদীৰ দলটো পাকিস্তান ভিত্তিক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদ (JeM)- ৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা বিপদত শিখা শৰ্মা