প্ৰথমবাৰৰ বাবে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ কৰ্তব্য পথৰ পেৰেডত দেখা যাব দেশৰ তিনি সেনাৰ যৌথ পেৰেড। ইয়াৰ উদ্দেশ্য হৈছে সশস্ত্ৰ বাহিনীৰ মাজত যৌথতাৰ বৃহত্তৰ মনোভাৱ প্ৰতিফলিত কৰা। একে সময়তে, কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ পেৰেডত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৃজনশীলতাক প্ৰতিফলিত হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, সংযুক্ত তিনি সেনাৰ যৌথ পেৰেডত দেশীয় অৰ্জুন যুদ্ধ টেংক, তেজছ যুঁজাৰু বিমান আৰু উন্নত পাতল হেলিকপ্টাৰৰ সৈতে স্থল, সাগৰ আৰু বায়ুত একেলগে অভিযানৰ ৰূপত যুদ্ধৰ দৃশ্য প্ৰদৰ্শন হ’ব। ইয়াৰ বিষয়বস্তু হ’ব ‘ক্ষমতাশালী আৰু সুৰক্ষিত ভাৰত’।

Leave a Reply

Your email address will not be published. Required fields are marked *