জল, নৰ্দমা, গোটা আৱৰ্জনা আৰু পুনৰ্ব্যৱহাৰ প্ৰযুক্তিৰ দেশৰ সৰ্ববৃহৎ বাণিজ্য মেলা আইএফএটি ভাৰত ২০২৫ অহা ১৪-১৬ অক্টোবৰত মুম্বাইৰ বম্বে প্ৰদৰ্শনী কেন্দ্ৰ (নেছকো)ত অনুষ্ঠিত হ’ব। মেছে মুনচেন ইণ্ডিয়াৰ উদ্যোগত আয়োজিত এই বাৰ্ষিক সংস্কৰণ এইবেলি সৰ্ববৃহৎ হ’ব বুলি আশা কৰা হৈছে, য’ত ৩০তকৈ অধিক দেশৰ ৫০০তকৈ বেছি প্ৰদৰ্শনকাৰীৰে ৪৫,০০০ বৰ্গমিটাৰ এলেকাত মেলা পাতি ৫০খন দেশৰ আনুমানিক ২৮,০০০ বাণিজ্যিক দৰ্শকক আকৰ্ষণ কৰিব। জাৰ্মানি, কানাডা, নেডাৰলেণ্ডছ, দক্ষিণ কোৰিয়া, হাংগেৰী আৰু অষ্ট্ৰেলিয়া আদি দেশৰ পেভিলিয়নসমূহে আন্তঃৰাষ্ট্ৰীয় উপস্থিতি শক্তিশালী কৰিব। আইএমইএৰ মেছে মুনচেনৰ অধ্যক্ষ ভূপিন্দৰ সিঙে আঙুলিয়াই দিয়ে যে ভাৰত এনে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে য’ত স্থায়ী উন্নয়নৰ বাবে আৱৰ্জনা আৰু জল সমাধান অতি প্ৰয়োজনীয়। “আইএফএটি ভাৰতে প্ৰযুক্তি হস্তান্তৰ, বিনিয়োগ অনুসন্ধান আৰু ব্যৱসায়িক নেটৱৰ্কৰ বাবে এক বিশ্বস্ত প্লেটফৰ্ম হৈ পৰিছে,” তেওঁ এইদৰে কয়। মেলাই ২,০০০তকৈ অধিক ক্রেতা-বিক্রেতাৰ পোনপটীয়াকৈ বাৰ্তালাপৰ আয়োজন কৰিব আৰু আৱৰ্জনা সংগ্ৰহ কৰি পৰিচালনাৰ পৰা পুনৰ্ব্যৱহাৰ স্বয়ংক্ৰিয়কৰণলৈকে ১৫,০০০তকৈ অধিক সেৱা- সমাধান প্রদর্শন কৰিব, যিয়ে ইএছজি নিৰ্দেশনাৰ অধীনত কৰ্পৰেট প্ৰতিষ্ঠানসমূহক আকৰ্ষণ কৰিব। গুৱাহাটীস্থিত পৰিৱেশ আৰু আৱৰ্জনা ব্যৱস্থাপনা প্ৰতিষ্ঠানবোৰে অসমৰ বাঢ়ি অহা চহৰীয়া কেন্দ্ৰবোৰৰ বাবে উন্নত প্ৰযুক্তি অন্বেষণ কৰাৰ এক কৌশলগত প্লেটফৰ্ম হিচাপে আউএফএটি ভাৰতক বিবেচনা কৰে। স্থানীয় নগৰপালিকাসমূহ আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহে গোটা আৱৰ্জনা ব্যৱস্থাপনা, নৰ্দমা আৱৰ্জনাৰ পৰিচালনা আৰু জৈৱশক্তিৰ সেৱা-পদ্ধতিসমূহ গ্ৰহণ কৰিবলৈ আগ্ৰহী, যিয়ে উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী নগৰীয়া আন্ত:গাথঁনিলৈ এক বিস্তৃত ৰূপান্তৰক প্ৰতিফলিত কৰে। ৩ দিনীয়া এই অনুষ্ঠানত ৪০তকৈ অধিক কাৰিকৰী বিষয়ৰ অধিবেশন আৰু ৪০০তকৈ অধিক বক্তা থাকিব, য’ত নীতি নিৰ্ধাৰক, অর্থদাতা আৰু গোলকীয় স্থায়িত্ব বিষয়ক বিশেষজ্ঞসকল অন্তৰ্ভুক্ত হ’ব। অভিনেত্ৰী দিয়া মিৰ্জাই মেলাৰ উদ্বোধন কৰিব, যিখনক “এক সেউজ, স্বচ্ছ ভাৰতৰ দিশে এক আন্দোলন” বুলি আখ্যা দিয়া হৈছে। Share this:FacebookX Related Post navigation কেলিফৰ্ণিয়া আলমণ্ডৰ পুষ্টিকৰ গুণাগুণৰ সৈতে এই দীপাৱলীক আৰু অধিক উজ্জ্বল কৰি তোলক গুৱাহাটীত নালন্দা সাহিত্য মহোৎসৱ ২০২৫ৰ ঘোষণা; সাংস্কৃতিক অৰ্থনীতিৰ বিকাশৰ বাবে সাজু