পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাখনো দেশৰ ৰাষ্ট্ৰ প্ৰতিনিধিৰ উপস্থিতিত আজি অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দীয়া’ শীৰ্ষক অনুষ্ঠান।এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে দেশ-বিদেশৰ বহু প্ৰতিনিধি ৰাজ্যত উপস্থিত হৈছে।আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়েও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।ঝুমইৰ বিনন্দীয়া অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী। মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ’ব এই অনুষ্ঠান । আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে দৰ্শকসকলে ৩ বজাৰ আগতে সৰুসজাই ষ্টেডিয়ামত হাজিৰ হ’ব লাগিব। Share this:FacebookX Related Post navigation মন্দিৰত লাগিল জুই আপোনাৰ ছালৰ পৰা চুলিলৈ উপকাৰী এইবিধ খাদ্য