ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ ভাৰতৰ হৈ টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হয়। এই খেলখনৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ৩২টা উইকেটৰ অভিলেখ সমান কৰিবলৈ বুমৰাহক তিনিটা উইকেটৰ প্ৰয়োজন হৈছিল। তেওঁ অশ্বিনক অতিক্ৰম কৰি চাৰি অভাৰত মাত্ৰ ১৫ ৰানত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ বেটছমেন কুইণ্টন ডি কক, ৰিয়ান ৰিকেলটন, আৰু কৰ্বিন বছক আউট কৰি বুমৰাহ দলটোক শক্তিশালী আৰম্ভণি কৰে। এই প্ৰদৰ্শনেৰে টি-২০ বিশ্বকাপত বুমৰাহৰ মুঠ উইকেট ৩৩টা হৈছেগৈ। কিন্তু এই মেচখনত ভাৰতে ৭৬ ৰানৰ গুৰুতৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। Share this:FacebookX Related Post navigation মহাত্মা গান্ধীৰ দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ; তেলেংগানাত ৫,০০০ কোটিটকীয়া প্ৰকল্পক লৈ তীব্ৰ বিতৰ্ক আই পি এল খেলিব ৪৫ বছৰীয়া মহেন্দ্ৰ সিং ধোনীয়ে