উইম্বলডনৰ ফাইনেলত দেওবাৰে ইটালীৰ জানিক ছিনাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল কৰে। সামগ্ৰিকভাৱে ছিনাৰৰ চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ। এই জয়ৰ জৰিয়তে ছিনাৰে পাঁচ সপ্তাহ পূৰ্বে ফ্ৰেন্স অ’পেনৰ ফাইনেলত আলকাৰাজৰ হাতত পৰাজয়ৰ প্ৰতিশোধ লোৱাই নহয়, গ্ৰেণ্ড শ্লেমৰ ফাইনেলত স্পেনিছ খেলুৱৈগৰাকীৰ অপৰাজিত ধাৰাটোও ভাঙি পেলায়। মেচখনৰ প্ৰথম ছেটত পৰাস্ত হয় বিশ্বৰ ১ নম্বৰ ছিনাৰ। ইয়াৰ পিছত তেওঁ এক সুন্দৰ কামবেক কৰি বাকী সকলো ছেট জয় কৰি মেচখনত জয়লাভ কৰে। প্ৰথম ছেটত আলকাৰাজে অগ্ৰগতি লাভ কৰিছিল যদিও তাৰ পিছত ছিনাৰে একে স্ক’ৰলাইনেৰে (৬-৪, ৬-৪, ৬-৪) একেৰাহে তিনিটা ছেট জয় কৰিছিল। ২৩ বছৰীয়া জানিক ছিনাৰে ফাইনেলত জয়লাভ কৰাৰ পিছত কয় যে এই মুহূৰ্তটো মোৰ বাবে অতি বিশেষ। উইম্বলডন জয় কৰাটো প্ৰতিজন খেলুৱৈৰ সপোন, আৰু আজি সেই সপোন বাস্তৱায়িত হ’ল। এই পৰাজয়ৰ লগে লগে উইম্বলডনত কাৰ্লোছ আলকাৰাজৰ ২০খন মেচৰ অপৰাজিত ধাৰাবাহিকতাৰ অন্ত পৰিল। ইয়াৰ পূৰ্বে ২০২৩ আৰু ২০২৪ চনত ন’ভাক জ’কভিচক পৰাস্ত কৰি খিতাপ দখল কৰিছিল। লগতে চেণ্টাৰ ক’ৰ্টত ২৪খন মেচত অপৰাজিত হৈছিল। মন কৰিবলগীয়া যে উইম্বলডনত শেষবাৰৰ বাবে আলকাৰাজ পৰাস্ত হৈছিল ২০২২ চনত জানিক ছিনাৰৰ হাতত, যেতিয়া দুয়োজনে চতুৰ্থ ৰাউণ্ডত মুখামুখি হৈছিল। Share this:FacebookX Related Post navigation ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ স্বপ্ন ভংগ ন’ভাক জ’কভিচৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত লজ্জাজনক পৰাজয় ৱেষ্ট ইণ্ডিজৰ