ৰাজ্যজুৰি অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ কাৰ্যসূচী কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগতো আৰম্ভ হ’ল । আজি নতুন বছৰটোৰ প্ৰথম দিনাই হেলমেট পৰিধান নকৰা উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত সদলবলে উপস্থিত হ’ল যমৰাজ আৰু চিত্তগুপ্ত। হেলমেট নিপিন্ধি দুচকীয়া বাহন চলোৱা আইন উলংঘাকাৰী চালক শীঘ্ৰে নিয়ন্ত্ৰণলৈ নাহিলে যমনগৰীলৈ আদৰণি জনাই হাতে হাতে তুলি দিলে ৰঙা গোলাপৰ কলি ৷ ৰাজপথৰ মাজতে আগচি ধৰি আইন উলংঘাকাৰী চালকক যমৰাজে শুনালে যানবাহন চালনাৰ সতৰ্কবাণী। এনেকৈয়ে অগতানুগতিকভাৱে নাট্যকাৰ-পৰিচালক চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত নেডফিমছৰ শিল্পীসকলৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাজ্যৰ ৰাজধানী চহৰখনত আৰম্ভ হ’ল। পথ-যানবাহন ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দি দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহত-আহতৰ সংখ্যা পাৰ্যমানে নাইকিয়া কৰাৰ লক্ষ্যৰে আজি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ আৰম্ভনীতে উপস্থিত সকলো শ্ৰেণীৰ ৰাইজে দিলে “পথ সুৰক্ষা জীৱন ৰক্ষা” ধ্বনি।

আগন্তুক ৩১জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া পথ সুৰক্ষা মাহ উপলক্ষে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত যানবাহন ব্যৱহাৰকাৰীৰ হীতাৰ্থে গ্ৰহণ কৰা হয় বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী। এই উপলক্ষে আজি অনুষ্ঠানৰ আৰম্ভণিতে অনুষ্ঠিত এক পথসভাত জ্যেষ্ঠ পৰিবহণ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশৰ লগতে আমাৰ অসম ৰাজ্যতো ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰি ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়াত গঢ়ি তোলাটো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উদ্দেশ্য ৷ নতুন বছৰ এটাৰ আগমনৰ লগেলগে যিহেতু বিভিন্ন উৎসৱ-অনুষ্ঠান আৰম্ভ হৈ বছৰৰ শেষলৈকে অব্যাহত থাকে তদুপৰি এই সময়খিনিতে যিহেতু দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পায় সেয়ে এনে সময়তে যানবাহন ব্যৱহাৰকাৰীক সজাগ কৰাত এই কাৰ্যসূচীৰ জড়িয়তে অগ্ৰাধিকাৰ দিয়া হয়। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান বাস্তৱায়িত কৰি ৰাজ্যখনৰ পথ যোগাযোগত শংকা আৰু বিপদমুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি কাতৰ অনুৰোধ জনায়।

এইক্ষেত্ৰত যানবাহন চলাওঁতে বিশেষকৈ ”পঞ্চসূত্ৰ”ৰ নিয়মসমূহ সকলো সময়তে মানি চলিবলৈ তেওঁ বিনম্ৰতাৰে আহ্বান জনায়। দুচকীয়া বাহনৰ চালক-আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহনত সকলোকে ছীটবেল্ট ব্যৱহাৰ কৰিবলৈ, ৰাগীয়াল দ্ৰব্য সেৱন নকৰাকৈ, ম’বাইলত কথা পাতি অনমনস্ক নোহোৱাকৈ আৰু সদায় তীব্ৰবেগ পৰিহাৰ কৰি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।  পথ সুৰক্ষা উদ্বোধনী অনুষ্ঠানত মিনাঙ্ক ডেকাৰ পৰিচালনাত “নিৰ্বাক”ৰ শিল্পীসকলে ব্যতিক্ৰমী মুকাভিনয়ৰ জড়িয়তেও পথ সুৰক্ষা সজাগতা সৃষ্টিত সহযোগিতা আগবঢ়ায় ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আগন্তুক সময়চোৱাত ছাত্ৰছাত্ৰীৰ মাজত ছবিঅঁকা, শ্ল’গান, কুইজ প্ৰতিযোগিতাৰ লগতে যানবাহন ব্যৱহাৰকাৰীৰ মাজত বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা, আলোচনা চক্ৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, বাটৰ নাট- মুকাভিনয়-পথ সুৰক্ষা বিষয়ক চুটি ছবি আদি প্ৰদৰ্শন কৰা হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *