ভাৰতৰ ১ নং আটা ব্ৰেণ্ড আইটিচি আশীৰ্বাদে অসমৰ বিচক্ষণ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক অনন্য ৰূপত প্ৰস্তুত আশীৰ্বাদ বগা আটা। বিশেষকৈ অসমৰ ৰান্ধনীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰস্তুত কৰা এটা প্ৰিমিয়াম উত্কৃষ্ট বগা আটা। অসমীয়া গ্ৰাহকক গুণগত মানৰ সামগ্ৰী প্ৰদান কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি আশীৰ্বাদে বগা আটা মুকলি কৰিছে, কিয়নো অসমৰ বজাৰত উপলব্ধ বৰ্তমানৰ সামগ্ৰীবোৰ বেছিভাগেই পাতলীয়া ৰূপত বিক্ৰী কৰা হয়, যাৰ ফলত প্ৰায়ে স্বচ্ছতা আৰু বহনক্ষমতাৰ ওপৰত কমকৈ গুৰুত্ব দিয়া দেখা যায়, পৰিণতিত গ্ৰাহকৰ অভিজ্ঞতা নেতিবাচক হয়।

অসমৰ গৃহিণীসকলৰ বাবে ৰন্ধন কেৱল এক ৰুটিন নহয়, ই প্ৰেমৰ এক অভিব্যক্তি।  ৰাতিপুৱাৰ আহাৰত কোমল লুচি পৰিৱেশন কৰাৰ আনন্দই হওক বা ৰাতিৰ আহাৰত ৰুটি পৰিৱেশন কৰাই হওক, অসমৰ মাতৃসকলে নিৰন্তৰ সুস্বাদু আৰু পুষ্টিকৰ খাদ্য টেবুললৈ আনিবলৈ সদায়ে প্ৰয়াস কৰে।  উচ্চ মানদণ্ডৰ ঘেঁহুৰে প্ৰস্তুত আৰু উন্নত মিলিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰি তৈয়াৰ কৰা আশীৰ্বাদ বগা আটাই ৰুচি আৰু স্বচ্ছতাৰ নিখুঁত ভাৰসাম্য প্ৰদান কৰে। এই আটাৰ মিহি বগা ৰূপে ইয়াক স্থানীয় প্ৰিয় খাদ্যসমূহ, ফুলি উঠা লুচি আৰু ৰটিৰ পৰা আৰম্ভ কৰি পিঠাৰ দৰে অন্যান্য পৰম্পৰাগত অসমীয়া খাদ্য প্ৰস্তুত কৰাৰ বাবে সঠিক কৰি তোলে, খোৱাৰ সময়ত প্ৰতিটো কামোৰতে সুস্বাদু আৰু সন্তুষ্টিদায়ক অভিজ্ঞতা নিশ্চিত কৰে।

আইটিচি লিমিটেডৰ ফুডছ ডিভিজনৰ ষ্টেপলছ এণ্ড এডজেচেন্সিছৰ শীৰ্ষ পৰিচালনা বিষয়া অনুজ ৰুস্তগীয়ে কয় যে, “আশীৰ্বাদ বগা আটা মুকলি কৰি আমি অসমীয়া পৰিয়ালসমূহৰ মাজলৈ এনে এক আটা আগবঢ়াইছোঁ, যি সোৱাদ আৰু মানদণ্ডৰ আঞ্চলিক বিশেষত্বৰ সৈতে সংগতি ৰাখে।  এই শুভাৰম্ভণি আঞ্চলিক প্ৰাসংগিকতাৰ প্ৰতি আশীৰ্বাদৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিটো ভাৰতীয় পাকঘৰলৈ আপোচহীন মানদণ্ড কঢ়িয়াই অনাৰ আমাৰ লক্ষ্যৰ এক জীৱন্ত সাক্ষ্য।  আশীৰ্বাদ বগা আটাৰ মাজত মাসকলে এতিয়াৰে পৰা সোৱাদ, স্বচ্ছতা আৰু স্বাস্থ্যৰ মাজত বাছনি বা আপোচ কৰিব নালাগে-প্ৰতিগৰাকী মাতৃয়ে এই সকলোবোৰ একেলগে পাব পাৰে।  কাৰণ যেতিয়া পৰিয়ালক আহাৰ খুওৱাৰ কথা আহে, প্ৰতিবাৰৰ আহাৰ যত্ন-গুণৰ উদযাপন হোৱা উচিত। ” অসমৰ সাধাৰণ বিপণীসমূহত সুবিধাজনক ১ কেজি পেকেট এতিয়া ৬০ টকাত উপলব্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *