সাধাৰণ যেন লগা এটা চৰাইৰ মৃত্যুত শোক প্ৰকাশ কৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ অসম – মেঘালয় সীমান্তবৰ্তী ২৭ নং চল্লি প্ৰাথমিক বিদ্যালয়ত ১৪ ফেব্ৰুৱাৰীত আদ্য শ্ৰদ্ধ অনুষ্ঠিত কৰি এক বিৰল নিদৰ্শন দাঙি ধৰে। উল্লেখ্য যে ৰাভা জনগোষ্ঠীৰ লোকৰ বসতি প্ৰধান অঞ্চল হিচাপে পৰিচিত চল্লি প্রাথমিক বিদ্যালয়ত অধ্যয়নৰত কণ কণ ছাত্র – ছাত্ৰী সকলে ১৪ ফেব্ৰুৱাৰীত এটা চৰাইৰ মৃত্যুত পৰম্পৰাগত ৰীতি – নীতিৰে আদ্যশ্ৰৰ্দ্ধ অনুষ্ঠিত কৰে। জানিব পৰা মতে যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনা পুৱা বিদ্যালয়খনৰ ছাত্র-ছাত্রী সকলে বিদ্যালয় চৌহদত আহি এটা আঘাটপ্রাপ্ত অৱস্থাত এটা চৰাই পৰি থকা প্ৰত্যক্ষ কৰি ছাত্ৰ – ছাত্ৰী সকলে চৰাইটোক বিদ্যালয়ৰ ভিতৰলৈ লৈ আনি শুশ্ৰূষা প্ৰদান কৰে । তাৰ পাছত চৰাইটোক চাউল আৰু পানী খাবলৈ দিয়ে। ছাত্ৰ – ছাত্ৰী সকলৰ শুশ্ৰূষাত চৰাইটো কিছু পৰিমাণে সুস্থ হৈ উঠে। বিদ্যালয় ছুটিৰ পাছত ছাত্ৰ – ছাত্ৰী সকলে চৰাইটোক বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ এটা চুকত এখন বিছনা বনাই চাউল-পানী দি ঘৰলৈ উভতি যায় । কিন্তু পাছদিনা বিদ্যালয়লৈ আহি চৰাইটোক বিছনাখনতে মৃত অৱস্থাত দেখা পাই ছাত্ৰ ছাত্ৰী চলা শোকত ভাগি পৰে। উল্লেখ্য যে বিদ্যালয়খনত মুঠ ২২ জন ছাত্ৰ – ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ইফালে মৃত অৱস্থাত চৰাইটোক উদ্ধাৰ কৰাৰ পাছত ছাত্ৰ – ছাত্ৰী সকলে সিদিনা প্ৰধান শিক্ষক মণ্টো কুমাৰ মজুমদাৰ আৰু সহকাৰী শিক্ষক ছবিন চন্দ্ৰ নাথ বিদ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বেই ছাত্র- ছাত্রী সকলে মৃত চৰাইটোক বিদ্যালয়ৰ এটা চুকত মাটিত পুতি থয়। তাৰ পাছত প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক অহাৰ পাছত চৰাইটোৰ মৃত্যুত এখন শোক সভা অনুষ্ঠিত কৰে। ইফালে চৰাইটোৰ মৃত্যুৰ দহদিনৰ দিনা শুকুৰবাৰে যাৱতীয় নীতি-নিয়মেৰে চৰাইটোৰ আদ্যশ্রাদ্ধ অনুষ্ঠিত কৰে। তাৰ বাবে ছাত্ৰ – ছাত্ৰী সকলে নিজৰ মাজত কিছু ধন সংগ্ৰহ কৰি সেই টকাৰে নৈবৈদ্যৰ সা – সামগ্ৰী পৰ্যন্ত যোগাৰ কৰে। সামৰণিত আনকি ছাত্ৰ – ছাত্ৰী সকলে এটা ভোজনৰো আয়োজন কৰে। অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী লোকসকলে বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীসকলে বনৰীয়া জীৱ-জন্তুৰ প্রতি প্ৰদৰ্শন কৰা অকুণ্ঠ মৰমত অভিভূত হৈ পৰা পৰিলক্ষিত হয়। আনকি প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকজনে বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলে দেখুওৱা এনে বিৰল নিদৰ্শনক উৎসাহিত কৰা পৰিলক্ষিত হয়। Share this:FacebookX Related Post navigation অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰৰ ছিখলা জলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন ৰাজ্যিক কেবিনেটৰ ১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে