এটা ধেমেলীয়া ভিডিঅ’ই এতিয়া কাল হৈ পৰিছে মধ্যপ্ৰদেশৰ এজন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ শৈলী অনুকৰণ বা মিমিক্ৰী কৰাৰ অপৰাধত চৰকাৰে নিশাৰ ভিতৰতে নিলম্বন কৰিলে সাকেত পুৰোহিত নামৰ শিক্ষকগৰাকীক। ৰাজ্যখনৰ আনন্দ বিভাগৰ স্থানীয় মাষ্টাৰ ট্ৰেইনাৰ হিচাপে কৰ্মৰত সাকেতে এল পি জি গেছৰ মূল্যবৃদ্ধিৰ ওপৰত কৰা এক ব্যংগাত্মক অভিনয়ে এতিয়া তেওঁৰ পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ অনিশ্চয়তা। ঘটনাৰ বিৱৰণি অনুসৰি, আনন্দ ভৱনত আয়োজিত এক সামাজিক অনুষ্ঠানত সাকেতে ৰন্ধন গেছৰ সংকট আৰু বৰ্ধিত মূল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ দৰে কথা কৈ উপস্থিত ৰাইজক আমোদ দিছিল। এই অনুষ্ঠানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই পিচহুৰৰ বিজেপি বিধায়ক প্ৰীতম লোধিয়ে জিলা প্ৰশাসনৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰে। অভিযোগত উল্লেখ কৰা হয় যে এজন চৰকাৰী কৰ্মচাৰী হৈ প্ৰধানমন্ত্ৰীক ৰাজহুৱাকৈ উপহাস কৰাটো সেৱা বিধিৰ উলংঘন। জিলা শিক্ষা বিষয়া বিবেক শ্ৰীবাস্তৱে চিভিল ছাৰ্ভিচেছ কণ্ডাক্ট ৰুলৰ অধীনত শিক্ষকগৰাকীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে। সাকেত পুৰোহিতে অভিযোগ কৰিছে যে চৰকাৰে তেওঁৰ পক্ষ শুনাৰ কোনো সুযোগ নিদিয়াকৈয়ে নিশাৰ ভিতৰতে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁ কয়, “হাস্য-ব্যংগৰ ওপৰত এতিয়া বাধা আৰোপ কৰা হৈছে। মই একো ভুল কৰা নাছিলো, কেৱল গেছৰ মূল্যবৃদ্ধিৰ ফলত মানুহে কেনেকৈ পুনৰ চুলাত ৰন্ধা-বঢ়া কৰিবলগীয়া হৈছে, তাৰ ওপৰত এটা কৌতুকহে কৰিছিলো।” উল্লেখনীয় যে, ২০১৪ চনৰ পৰা শিক্ষকতা কৰি থকা সাকেত পুৰোহিত এগৰাকী সমাজকৰ্মী হিচাপেও অঞ্চলটোত পৰিচিত। ক’ভিড মহামাৰীৰ সময়ত অক্সিজেন চিলিণ্ডাৰৰ বাবে ধন সংগ্ৰহ কৰি তেওঁ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যিগৰাকী ব্যক্তিয়ে ‘কঠিন সময়ত কেনেকৈ সুখ বিলাই দিব লাগে’ তাৰ প্ৰশিক্ষণ দিছিল, আজি সেইগৰাকী শিক্ষকৰে পৰিয়াল এক অজান ভীতিৰ মাজত দিন কটাবলগীয়া হৈছে। শিক্ষকগৰাকীৰ মতে, এজন শিক্ষক হিচাপে তেওঁৰ কথা কোৱাৰ অধিকাৰ আছে। কিন্তু বৰ্তমানৰ পৰিৱেশত হাস্যৰসৰ বাবে চৰকাৰী কৰ্মচাৰীক দিয়া এই শাস্তিয়ে এতিয়া বাক-স্বাধীনতাৰ ওপৰত এক প্ৰশ্নচিহ্ন থিয় কৰিছে। চৰকাৰী নিৰ্দেশত বৰ্তমান তেওঁক নিৰ্বাহ ভাত্তাৰ ওপৰত ৰাখি বদৰৱাস ব্লক শিক্ষা কাৰ্যালয়ত সংলগ্ন কৰা হৈছে। Share this:FacebookX Related Post navigation কটকৰ চিকিৎসা মহাবিদ্যালয়ত ভয়াৱহ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ কৰুণ মৃত্যু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জৰ্জৰিত কংগ্ৰেছ; দলত্যাগৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ