মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশে আজি পুৱতি নিশা এক ভয়াৱহ ৰূপ ধাৰণ কৰে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই ইৰাণৰ ৰাজধানী তেহৰাণত এক বৃহৎ পৰিসৰৰ মিছাইল আক্ৰমণ চলোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইজৰাইলে ‘অপাৰেচন শ্বিল্ড অব জুডাহ’ নামকৰণ কৰা এই সামৰিক অভিযানৰ মূল লক্ষ্য আছিল ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামনেইৰ চৰকাৰী বাসগৃহ আৰু কাৰ্যালয় থকা অঞ্চলসমূহ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ধাৰাবাহিক বিস্ফোৰণৰ শব্দত কঁপি উঠিছে তেহৰাণ আৰু চহৰখনৰ আকাশ ডাঠ ধোঁৱাই আৱৰি ধৰিছে। ইফালে, আক্ৰমণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি অতি জৰুৰীভাৱে খামনেইক তেওঁৰ বাসগৃহৰ পৰা দেশৰ কোনো এক গোপন তথা সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক বিবৃতিত স্পষ্ট কৰি দিছে যে ইৰাণৰ পাৰমাণৱিক ঘাটি আৰু মিছাইল উৎপাদন কেন্দ্ৰসমূহ ধ্বংস কৰাৰ লক্ষ্যৰেই এই যুটীয়া অভিযান চলোৱা হৈছে।

এই আক্ৰমণৰ পাছতে সমগ্ৰ ইৰাণত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে দেশখনৰ প্ৰতিৰক্ষা ব্যৱস্থাক সষ্টম কৰি তোলা হৈছে। আনহাতে, ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনসমূহে ইজৰাইলৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ চলোৱাৰ হুংকাৰ দিছে। গোলকীয় তেলৰ বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত এই যুদ্ধৰ ভয়াৱহ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পোৱাত এতিয়া বিশ্ববাসীৰ চকু মধ্যপ্ৰাচ্যৰ পৰৱৰ্তী পৰিস্থিতিৰ ওপৰত নিৱদ্ধ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *