ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু সামৰিক সংঘাতৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব, য’ত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) মুখামুখি হ’ব। দহ দিনৰ অভাৱনীয় স্থবিৰতাৰ পিছত আৰচিবি আৰু কেকেআৰ দুয়োটাই নিজৰ নিজৰ লক্ষ্যত উপনীত হ’বলৈ সকলো চেষ্টা কৰিব। ১১খন মেচৰ পৰা ১৬ পইণ্ট লাভ কৰি আৰ চি বিয়ে পইন্ট টেবুলৰ দ্বিতীয় স্থানত আছে আৰু ইয়াত জয়লাভ কৰিলে দলটোৰ বাবে প্লে অফৰ স্থান নিশ্চিত হ’ব। ১২খন মেচত ১১ পইণ্ট লাভ কৰি টেবুলৰ ষষ্ঠ স্থানত আছে কেকেআৰ আৰু একক পৰাজয়ে ডিফেণ্ডিং চেম্পিয়নৰ নকআউটত প্ৰৱেশৰ আশাৰ অন্ত পেলাব। লীগ বন্ধ হোৱাৰ পূৰ্বে দুয়োটা দলৰ ফৰ্ম আছিল অতি উত্তম। যোৱা চাৰিখন মেচতে আৰচিবিয়ে জয়লাভ কৰাৰ বিপৰীতে কেকেআৰে একেৰাহে দুখন জয়ৰে এই মেচলৈ উভতিব। এনে পৰিস্থিতিত এই দল দুটাই নিজৰ ফৰ্ম কেনেকৈ বজাই ৰাখে সেয়া চাবলৈ আগ্ৰহী হব। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত অধিনায়ক ৰজত পাটিদাৰে অনুশীলনত কোনো অসুবিধা নোহোৱাকৈ বেটিং কৰে। পাটিদাৰে আঙুলিত আঘাত পাইছিল যদিও নেট অধিবেশনত সুন্দৰ বেটিং কৰে। ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষৰ পিছত আয়োজক দলৰ অধিকাংশ বিদেশী খেলুৱৈও ঘৰলৈ উভতি হৈছে। দলটোৰ বাবে ফিল ছল্ট, লুংগি এনগিডি, টিম ডেভিদ, লিয়াম লিভিংষ্টন আৰু ৰোমাৰিয়া শ্বেফাৰ্ডৰ দৰে খেলুৱৈ উপলব্ধ। আঘাতৰ বাবে দেৱদত্ত পাডিক্কাল আৰু পেচাৰ জোছ হেজলউডৰ অনুপস্থিতি অৱশ্যে ডাঙৰ সমস্যা হ’ব পাৰে। এই সুযোগৰ মূলধন হিচাপে পাদিক্কলৰ ঠাইত অধিষ্ঠিত হোৱা মায়ংক আগৰৱালাৰ পৰা আশা কৰিব আৰচিবিয়ে। কান্ধত আঘাত পাইছে হেজলউড আৰু ফ্ৰেঞ্চাইজিয়ে এতিয়াও তেওঁৰ উপলব্ধতাৰ কোনো তথ্য প্ৰদান কৰা নাই। অৱশ্যে মেচখনত সকলোৰে দৃষ্টি কোহলীৰ ওপৰত থাকিব। আনকি ষ্টেডিয়ামতো দৰ্শকে তেওঁৰ নাম সৰ্বাধিক উচ্চাৰণ কৰিব। চলিত সপ্তাহৰ আৰম্ভণিতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল কিংবদন্তি বেটছমেনগৰাকীয়ে। যদি ছ’চিয়েল মিডিয়াত চলি থকা আলোচনাবোৰ চোৱা যায়, তেন্তে অনুৰাগীয়ে খেলখনৰ পৰম্পৰাগত ফৰ্মেটক আটাইতকৈ বেছি গুৰুত্ব দিয়া বেটছমেনক সন্মান জনাই বগা জাৰ্চি পিন্ধাৰ পৰিকল্পনা কৰিছে। টেষ্ট কেৰিয়াৰৰ আকস্মিক অন্ত পৰাৰ পাছতো বেটৰ সৈতে কিছু আকৰ্ষণীয় ইনিংছ খেলিব বিচাৰিব সুন্দৰ ফৰ্মত থকা কোহলীয়ে। এই দুয়োটাৰ মাজত খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation ডব্লিউ টি চি ২০২৫ৰ বিজেতাই লাভ কৰিব ৩৬ লাখ ডলাৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত ক্রিষ্টিয়ানো ৰোনাল্ডো