ক্ৰমাৎ ৰাজনৈতিক আৰু কূটনৈতিক সংঘাতলৈ ৰূপান্তৰিত হৈছে ভাৰত বনাম বাংলাদেশৰ খেলপথাৰৰ উত্তেজনা। চুবুৰীয়া বাংলাদেশে ভাৰতীয় প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ সম্প্ৰচাৰ আৰু প্ৰচাৰৰ ওপৰত অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ৫ জানুৱাৰীত বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা মৰ্মে আই পি এল সম্পৰ্কীয় সকলো কাৰ্যসূচী তাৎক্ষণিকভাৱে স্থগিত ৰখা হৈছে। কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা বাংলাদেশী বলাৰ মুস্তাফিজুৰ ৰহমানক অব্যাহতি দিয়াৰ পিছতে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ঢাকাৰ চৰকাৰে।

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ নিৰ্দেশত যোৱা ৩ জানুৱাৰীত কলকাতা নাইট ৰাইডাৰ্ছে মুস্তাফিজুৰক দলৰ পৰা বাদ দিছিল। ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই টুৰ্ণামেণ্টৰ পৰা বাংলাদেশী তাৰকাগৰাকীক বহিষ্কাৰ কৰা কাৰ্যই বাংলাদেশৰ মানুহক মৰ্মাহত আৰু ক্ষুব্ধ কৰি তুলিছে বুলি চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে।

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই নিশ্চিত কৰা মতে, ব’ৰ্ডৰ নিৰ্দেশতেই কেকেআৰে মুস্তাফিজুৰক মুকলি কৰি দিছে আৰু প্ৰয়োজন হ’লে তেওঁৰ পৰিৱৰ্তে আন খেলুৱৈ ল’বলৈ অনুমতি দিয়া হৈছে। যদিও বি চি চি আইয়ে মুস্তাফিজুৰক বাদ দিয়াৰ আঁৰত থকা ৰাজনৈতিক কাৰণ স্পষ্ট কৰা নাই, তথাপিও বাংলাদেশত চলি থকা সাম্প্ৰতিক অস্থিৰ পৰিস্থিতি আৰু হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিততেই এই সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে।

ইফালে, এই ক্ৰীড়া সংঘাত কেৱল আই পি এলতে আৱদ্ধ থকা নাই। ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবেও বাংলাদেশ ক্ৰিকেট দল ভাৰতলৈ আহিবলৈ অমান্তি হৈছে। নিৰাপত্তাৰ দোহাই দি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বি চি বি) স্পষ্ট কৰি দিছে যে বৰ্তমানৰ পৰিস্থিতিত তেওঁলোকৰ খেলুৱৈসকল ভাৰত ভ্ৰমণৰ বাবে সাজু নহয়।

কলকাতা আৰু মুম্বাইত হ’বলগীয়া খেলসমূহ ভাৰতৰ পৰা স্থানান্তৰ কৰিবলৈ তেওঁলোকে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক (আই চি চি) আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে। ক্ৰিকেটক কেন্দ্ৰ কৰি দুয়োখন চুবুৰীয়া দেশৰ মাজত গঢ়ি উঠা এই তিক্ততাই এতিয়া বিশ্ব ক্ৰিকেটৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *