আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত আৰু ৰাণী হাইস্কুলৰ ছাত্ৰ – ছাত্ৰী সকলৰ সহযোগত এক সজাগতা সভা আৰু সমদল উলিওৱা হয়। নিচা মুক্ত ভাৰত অভিযানৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল ড্ৰাগছ সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা আৰু সমাজত সজাগতা বৃদ্ধিৰ বাবে সামূহিক অংশগ্ৰহণৰ আহ্বান আৰু ড্ৰাগছ মুক্ত ভাৰত গঢ়াৰ প্ৰয়াস। এই উপলক্ষে ৰাণী বজাৰত অনুষ্ঠিত সজাগতা সভাত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝা , দ্বিতীয় কমাণ্ড অধিকাৰী মুকুণ্ড মোহন আৰু অমিত সিনহা, ডেপুটী কমাডেণ্ট বিৰাট কুমাৰ সিংহ, মূখ্য চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়াই ভাগ লৈ ভাষণ প্ৰসংগত ড্ৰাগছ আসক্তিৰ মানসিক, শাৰীৰিক আৰু সামাজিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে, আৰু প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আগতীয়া হস্তক্ষেপৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাৰ শেষত এক শপত বাক্য পাঠ কৰোৱা হয় যাতে সকলোৱে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আৰু এখন সুস্থ সমাজ গঢ়ি তোলাৰ দিশত অৰিহণা যোগোৱাৰ হকে কাম কৰে। সভাৰ পূৰ্বে ৰাণী হাইস্কুলৰ পৰা ৰাণী বজাৰলৈ উলিওৱা সজাগতা সমদলত ভাগ লোৱা ছাত্ৰ – ছাত্ৰী আৰু চি আৰ পি এফৰ বিষয়া – জোৱান সকলে হাতে হাতে ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে প্লে – কাৰ্ড, পোষ্টাৰ , বেনাৰ আদি প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। Share this:FacebookX Related Post navigation শীঘ্ৰে দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ হ’ব মিজোৰামৰ ৰাজধানী আইজল