“ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমিৰ সহযোগত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাৰ আগশাৰীৰ বিভিন্ন বিদ্যালয়ৰ ১৫টা দলে অৰ্থাৎ ৩০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ “স্কুলীয়া পাঠ্যক্ৰমত পথ সুৰক্ষাক এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিলেহে ভৱিষ্যতে দুৰ্ঘটনামুক্ত সমাজ গঢ়া সম্ভৱ” শীৰ্ষক বিষয়ত অসমীয়া আৰু ইংৰাজী মাধ্যমত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে কটন মহাবিদ্যালয় প্ৰাক্তন তাৰ্কিক, “জীৱন” আলোচনীৰ সম্পাদক ড° সুৰেশ ৰঞ্জন গডুকাই । বিচাৰক হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ তৰ্ক বিভাগৰ সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ শ্ৰেষ্ঠ তাৰ্কিক গীতাৰ্থ বৰা আৰু “আৰণ্যক”ৰ সহকাৰী সঞ্চালক তথা পৰিবেশ শিক্ষা বিভাগৰ মুৰব্বী জয়ন্ত কুমাৰ পাঠক৷প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে “ৰূপান্তৰ” গুৱাহাটীৰ সচিব ৰক্তাভজ্যোতি বৰাই আঁতধৰা সভাত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে আজিৰ ছাত্ৰ-ছাত্ৰী তথা ভৱিষ্যত দেশৰ নাগৰিকসকলক শিক্ষা-দীক্ষাৰ সমান্তৰালভাৱে পথ সুৰক্ষা সজাগতাকো জীৱনৰ অন্যতম অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনায় ৷ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক আৰু অভিভাৱকসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত সমাজৰ সৰ্বস্তৰতে পথ সুৰক্ষাৰ ব্যাপক সচেতনতা গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। স্বদেশী এডুকেছন ট্ৰাষ্টৰ পৰিচালন সঞ্চালক তথা ৰাজ্যখনৰ এসময়ৰ বিশিষ্ট তাৰ্কিক ড° গৌতম গোস্বামীয়েঅংশগ্ৰহণকাৰী তাৰ্কিকসকলক উৎসাহিত কৰাৰ লগতে “তৰ্ক”ক আমাৰ বিভিন্ন কলাসমূহৰ দৰে কলাৰ অন্যতম এক বলিষ্ঠ মাধ্যম হিচাপে গ্ৰহণ কৰি অনাগত দিনত নিজকে একোগৰাকী উপযুক্ত মানৱসম্পদ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ড° মানবেন্দ্ৰ ডেকায়ো প্ৰতিযোগীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। প্ৰতিযোগিতাত মহানগৰীৰ নীলাচল জাতীয় বিদ্যালয়ৰ বৃষ্টি শৰ্মা বশিষ্ঠ আৰু গীতুমনি ডেকাৰ দলে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰাৰ লগতে একেখন বিদ্যালয়ৰে উদীপ্তা বৰপূজাৰী আৰু জুবলী ভট্টাচাৰ্যৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । অসম জাতীয় বিদ্যালয়, নুনমাটিৰ মনিষ ভূঞা আৰু নিষ্ঠা বৰগোহাঁইৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হয় বৃষ্টি শৰ্মা বশিষ্ঠ । প্ৰতিযোগিতাৰ অন্তত বিজয়ী দলসমূহক ক্ৰমে ৭০০০, ৫০০০ আৰু ৪০০০টকাৰ লগতে শ্ৰেষ্ঠ তাৰ্কিকক ১০০০টকা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷ উল্লেখ্য যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱা হয়৷ Share this:FacebookX Related Post navigation কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণ ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ; সৰৱ মুখ্যমন্ত্ৰী শ্রম সংহিতা বাতিল কৰা দাবীত ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট