আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছেগুৱাহাটীৰ আয়ান ৰছিদ আৰু ময়ুৰী বৰ্মনে ৷ ইফালে, পুৰুষৰ ৰূপ তন্ময় বিকাশ বৰুৱাই তথা ব্ৰঞ্জ অনিমেশ গগৈ আৰু হিমানিশ শেখৰ দাসে লাভ কৰে৷

১৯ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ সোণ আৱবিৰ অমানে, ৰূপ ৰোহিত গগৈ তথা ব্ৰঞ্জ শুভাংকৰ দত্ত আৰু হিৰণ চেতিয়াই লাভ কৰাৰ বিপৰীতে ছোৱালীৰ সোণ গাৰ্গি শইকীয়া, ৰূপ অভিকা বৰগোহাই আৰু ব্ৰঞ্জ আৰাধ্যা গগৈ-ছুমৰিতা গগৈয়ে অৰ্জন কৰে৷

১৭ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ সোণ ম’নাৰ্চ বৰগোহাইয়ে, ৰূপ বৰ্ণন মহন্ত তথা ব্ৰঞ্জ সুমিত সিনহা আৰু প্ৰজ্ঞাকিৰণ বৰুৱাই লাভ কৰে৷ এই শাখাত ছোৱালীৰ সোণ গাৰ্গি শইকীয়াই, ৰূপ ভাবিষয়া চাংমাই আৰু ব্ৰঞ্জ সুচিস্মিতা চক্ৰৱৰ্তী তথা তানজিম আহমেদে লাভ কৰে৷

ইফালে, ১৫ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ সোণ অনিকেশ দত্তই, ৰূপ আজফাৰ জিয়া আহমেদে তথা ব্ৰঞ্জ গিতাৰ্থ গগৈ আৰু ডাকছ বৰুৱাই লাভ কৰাৰ বিপৰীতে এই শাখাৰ ছোৱালীৰ সোণ বেদাংগনি গগৈয়ে, ৰূপ সুচিস্মিতা চক্ৰৱতীয়ে তথা ব্ৰঞ্জ আৰাধ্যা বুঢ়াগোহাই আৰু তৰালী বৰাই লাভ কৰে৷ ১৩ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ সোণ অনিকেশ দত্তই, ৰূপ ইভন গগৈ তথা ব্ৰঞ্জ শিৱাশিষ নৌকাখয়া আৰু অভিচান্দ গৌতমে লাভ কৰাৰ বিপৰীতে এই শাখাৰ ছোৱালীৰ সোণ বেদাগনি গগৈয়ে ৰূপ বৃষ্টিৰ্ণা ৰাজখোৱা, আৰু ব্ৰঞ্জ বাৰ্ণিকা কাশ্যপ তথা ৰুদ্ৰানি গগৈয়ে লাভ কৰে৷

উল্লেখ্য যে ২৪ খন জিলাৰ প্ৰায় ৬৫০ গৰাকী খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনত ১১ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ সোণ মহম্মদ আয়ান হুছেইনে ৰূপ ডিম্বল হাজৰিকা তথা আশ্বৰ্াদ ট’চিৰ ইছলাম আৰু প্ৰজ্ঞান মিলিয়ে ব্ৰঞ্জ লাভ কৰাৰ বিপৰীতে ছোৱালীৰ সোণ আদিশ্ৰী বুঢ়াগোহায়ে ৰূপ তনভী প্ৰধানে তথা ডিন চাংফা বাইলুং আৰু অভিৰুচি শইকীয়াই ব্ৰঞ্জ লাভ কৰে৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *