সমগ্ৰ দেশৰ লগতে কাছাৰ জিলাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে বিশেষ সজাগতাঅভিযান চলাইছে। এই অভিযানটি শিলচৰ চহৰৰ সদৰঘাট পইণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত অনুষ্ঠিত হৈছে। অভিযানের সময়ত, পুলিশে বাইকচালকসকলক হেলমেট পৰিধান নকৰা বাবে জৰিমনা বিহাৰ পৰিৱৰ্তে হেলমেট উপহাৰ হিচাপে প্ৰদান কৰি, তেওঁলোকক সুৰক্ষা নিয়ম মানিবলৈ শপত গ্ৰহণো কৰাইছে। যিসকলই সুৰক্ষিতভাৱে যাতায়াত কৰিছে তেওঁলোকক গোলাপ ফুল দি উৎসাহিত কৰা হৈছে। পথ দুৰ্ঘটনা হ্ৰাস কৰাই এই অভিযানৰ মূল লক্ষ্য বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে উল্লেখ কৰিছে। অভিযানে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনৰ উপস্থিতিত অনুষ্ঠিত হৈছে। তেওঁলোকৰ মতে, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই পথ সুৰক্ষাৰ লক্ষ্য বাস্তৱায়িত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *