মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে অব্যাহত ৰখা বিভিন্ন পদক্ষেপৰ অংশহিচাপে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্তোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ স্থানত ২০ যোৰা চিহ্নফলক স্থাপনৰ কাম সম্পূৰ্ণ কৰে। এই চিহ্ন ফলকবোৰে মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলসমূহত সজাগতা আৰু সুৰক্ষা বৃদ্ধিৰ লগতে মানৱ আৰু বন্যহস্তীৰ সহাৱস্থানত উদগনি যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। হস্তী সংৰক্ষণ নেটৱৰ্ক (ই চি এন)ৰ সদস্য, স্থানীয় লোক আৰু বন বিভাগৰ পৰামৰ্শৰ ভিত্তিত আৰু ক্ষেত্ৰ জৰীপ আৰু অন্যান্য তথ্যৰ আধাৰত চিনাক্ত কৰা হস্তীদণ্ডিৰ নিৰ্দিষ্ট স্থানত এই চিহ্নফলকবোৰ স্থাপন কৰা হৈছে। অঞ্চল সমূহৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ সৈতে সংগতি ৰাখি আৰু বৃহত সংখ্যক লোকক স্পৰ্শ কৰিব পৰাকৈ ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত চিহ্ন ফলকবোৰ প্ৰস্তুত কৰা হৈছে । Share this:FacebookX Related Post navigation গৌৰী নন্দন শইকীয়াৰ উপন্যাস ‘পুনে ডায়েৰী’ উন্মোচন আৰবিআইৰ ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ সঞ্জয় মালহোত্ৰাৰ