কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে যদি ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ এখন সমিতি গঠন কৰা হ’ব। লগতে তেওঁলোকে দখল কৰা ভূমি উভতাই লোৱাৰ প্ৰক্ৰিয়া চলোৱা হ’ব। ইয়াৰ উপৰিও, আদিবাসী মহিলাক বিয়া কৰালে অনুপ্ৰৱেশকাৰীক ভূমি হস্তান্তৰ বন্ধ কৰিবলৈ আইন অনা হ’ব। তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন চৰকাৰক বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰে। চেৰাইকেলাত এক ৰেলী সম্বোধন কৰি শ্বাহে কয়-ঝাৰখণ্ডত জনজাতীয় লোকৰ সংখ্যা হ্ৰাস পাইছে।অনুপ্ৰৱেশকাৰীসকলে আমাৰ কন্যাক বিয়া কৰাই ভূমি দখল কৰি আছে। আমি অনুপ্ৰৱেশকাৰীসকলক ভূমি হস্তান্তৰ বন্ধ কৰিবলৈ এখন আইন আনিম। লগতে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিবলৈ এখন সমিতিও গঠন কৰিম যাতে তেওঁলোকক বিতাড়িত কৰিব পৰা যায় আৰু তেওঁলোকে দখল কৰা ভূমি উভতাই ল’ব পৰা যায়। তেওঁ দাবী কৰে যে যেতিয়া চম্পাই সোৰেনে অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিছিল, তেতিয়া তেওঁক অপমান কৰা হৈছিল আৰু হেমন্ত সোৰেনে তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। জেএমএম-কংগ্ৰেছ আৰু আৰজেডি নেতাসকলে কেৱল ব্যক্তিগত উন্নয়নৰ বাবে কাম কৰা আৰু দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়-যদি বিজেপিয়ে ঝাৰখণ্ডত চৰকাৰ গঠন কৰে, তেন্তে জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটৰ দুৰ্নীতিগ্ৰস্ত নেতাসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। শ্বাহে অভিযোগ কৰে যে জেএমএম নেতৃত্বাধীন চৰকাৰে ১,০০০ কোটি টকাৰ এমএনৰেগা কেলেংকাৰী, ৩০০ কোটি টকাৰ ভূমি কেলেংকাৰী, ১,০০০ কোটি টকাৰ খনন কেলেংকাৰী আৰু কোটি কোটি টকাৰ সুৰা কেলেংকাৰী সংঘটিত কৰিছিল আৰু কেন্দ্ৰই প্ৰেৰণ কৰা ৩.৯০ লাখ কোটি টকা আত্মসাৎ কৰিছিল। তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে যদি ৰাজ্যখনত বিজেপি শাসনলৈ আহে, তেন্তে নিশ্চিত কৰা হ’ব যে যদি কেন্দ্ৰই এক টকা প্ৰেৰণ কৰে, ৰাজ্যখনে ইয়াত ২৫ পইচা অধিক যোগ কৰিব যাতে ১.২৫ টকা ৰাইজৰ ওচৰলৈ যায়। Share this:FacebookX Related Post navigation নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা আছে কংগ্ৰেছত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৪ ৰাজ্যৰ ৬ ৰাজ্যসভাৰ আসনৰ বাবে ২০ ডিচেম্বৰত উপ-নিৰ্বাচন