ছত্তীশগড় নাগৰিক সমাজে যাত্ৰীসকলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈও পঠিয়ালে বিতং অভিযোগ পত্ৰ ।ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকিয়ে ইণ্ডিগ’ এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক/মুখ্য কার্যবাহী বিষয়ালৈ এই জাননী প্রেৰণ কৰিছে । নাগৰিক সমাজে উক্ত জাননীখনত উল্লেখ কৰিছে যে এই কার্যই কেৱল যাত্রীৰ অধিকাৰ উলংঘা কৰাই নহয়, ভাৰতীয় আইন আৰু অসামৰিক বিমান পৰিবহণৰ নিয়মৰ প্ৰতিও অৱজ্ঞা কৰিছে ।ডাঃ ছোলাংকিয়ে কয়,”ইণ্ডিগ’ এয়াৰলাইন্সে পূৰ্বৰ জাননী অবিহনে আৰু উপযুক্ত কাৰণ নিদিয়াকৈয়ে হাজাৰ হাজাৰ যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনাত ইচ্ছাকৃতভাৱে ব্যাঘাত জন্মাইছে । এই যাত্ৰীসকলে যথেষ্ট আৰ্থিক লোকচান, মানসিক অশান্তি, সময় হেৰুৱাবলগীয়া হৈছে । আক্ৰান্তসকলৰ যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক, শিশু, মহিলা, ৰোগী, ব্যৱসায়ী আদি । এই ব্যক্তিসকলৰ বাবে হঠাতে বিমান বাতিল হোৱাটো দুৰ্যোগতকৈও কম নহয় ।”এই জাননীখনত ইণ্ডিগ’ এয়াৰলাইন্সক নিৰ্দেশ দিয়া হৈছে যে প্ৰতিগৰাকী আক্ৰান্ত যাত্ৰীয়ে টিকটৰ মূল্যৰ কমেও দহগুণ লাভ কৰাৰ লগতে হোটেলৰ খৰচ, বিকল্প ভ্ৰমণ, চিকিৎসাৰ খৰচকে ধৰি সকলো প্ৰত্যক্ষ লোকচানৰ সম্পূৰ্ণ পৰিশোধ পাঁচ দিনৰ ভিতৰত কৰিব লাগিব । এই বৃহৎ সংখ্য়ক বিমান বাতিলৰ কাৰণসমূহৰ প্ৰকৃত আৰু উপযুক্ত বিবৃতিও ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ বিমান সংস্থাটোক কোৱা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *