ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভেটিকানত পোপ ফ্ৰান্সিছৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু ভাৰত চৰকাৰ তথা ভাৰতৰ জনসাধাৰণৰ হৈ সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আছিল সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, সংখ্যালঘু পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জছুৱা ডি চুজা।২৫ এপ্ৰিলত ৰোমত অৱতৰণ কৰি ২৬ এপ্ৰিলত অনুষ্ঠিত হোৱা চেণ্ট পিটাৰ্ছ বেচিলিকাত ৰাষ্ট্ৰপতিগৰাকীয়ে পোপ ফ্ৰান্সিছলৈ অন্তিম শ্ৰদ্ধা জনায়। এটা ছ’চিয়েল মিডিয়া পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ভেটিকান চহৰৰ চেণ্ট পিটাৰ্ছ বেচিলিকাত পোপ ফ্ৰান্সিছলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।”২০২৫ৰ ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ বাতৰিয়ে বিশ্বজুৰি শোকৰ ছাঁ পেলাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোপ ফ্ৰান্সিছৰ বিয়োগত শোক প্ৰকাশ কৰি কয় যে, ভাৰতৰ জনসাধাৰণৰ প্ৰতি পোপ ফ্ৰান্সিছৰ মৰম সদায় স্মৰণীয় হৈ থাকিব। গুৱাহাটীৰ লগতে সমগ্ৰ অসমবাসীক পোপ ফ্ৰান্সিছৰ মৃত্যুৰ সংবাদে শোকহত কৰিছে। চহৰখনৰ গীৰ্জাবোৰত পোপ ফ্ৰান্সিছৰ স্মৃতিত প্ৰাৰ্থনা জনোৱা হৈছে। গুৱাহাটীৰ বজাৰতো ধৰ্মীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে, বহুতো খ্ৰীষ্ট ধৰ্মী লোকে প্ৰয়াত পোপজনৰ স্মৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ মমবাতি আৰু শান্তিৰ প্ৰতীক ক্ৰয় কৰা দেখা গৈছে। Share this:FacebookX Related Post navigation বাজাজ এলিয়াঞ্জৰ দ্বাৰা ক্লাইমেটছেফে তাৎক্ষণিক দাবী আৰু অনুকূলিত জলবায়ু সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে ছলমান খানে নতুন কেজুৱেল লাইনৰ সৈতে ৰিলাক্সৰ ‘ষ্ট্ৰেছ কো দো ৰেষ্ট’