ভাৰতৰ ডিপ টেক এৰোস্পেচ উদ্ভাৱক বনভি এৰোক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত কৰা কামৰ বাবে সন্মানীয় এছআইডিএম চেম্পিয়ন এৱাৰ্ডে(স্পেচিয়েল জুৰী)ৰে সন্মানিত কৰা হৈছে।  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰদান কৰা এই বঁটাই ইতিমধ্যে উত্তৰ-পূবৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰা ভাৰততে প্ৰস্তুত সমাধানৰ ওপৰত আলোকপাত কৰিছে। বনভি এৰোৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া সত্যব্ৰত সতপথীয়ে এই বিষয়ে কয় যে, “আমি ভাৰতৰ আটাইতকৈ কঠিন ভৌগোলিক অঞ্চলসমূহত কাম কৰি আছো।  উত্তৰ-পূব আমাৰ অভিযানৰ কেন্দ্ৰবিন্দু। এই স্বীকৃতিয়ে প্ৰতিটো কোণলৈ স্মাৰ্ট, দ্ৰুত আৰু নিৰাপদ আকাশী গতিশীলতা অনাৰ বাবে আমাৰ প্ৰচেষ্টাক উদ্বুদ্ধ কৰিলে, যাতে প্ৰয়োজনৰ সময়ত কোনো সম্প্ৰদায় পিছ পৰি নাথাকে।” সতপথীয়ে লগতে কয় যে এই প্ৰযুক্তিয়ে সমগ্ৰ উঃ-পূৰ্বাঞ্চলত দুৰ্যোগৰ প্ৰতিক্ৰিয়া আৰু উন্নয়নৰ বাবে এক যুগান্তকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিছে।

এই ৰাষ্ট্ৰীয় স্বীকৃতি পাহাৰত অব্যাহত ৰখা কাম-কাজৰ বাবে প্ৰদান কৰা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে যেতিয়া ছিকিমৰ লাচেন অঞ্চলত এক ভয়াৱহ ভূমিস্খলনে জনজীৱন বিপৰ্যস্ত কৰিছিল, তেতিয়া বনভি এৰোৰ থলুৱা, গধুৰ কাম-কাজৰ বাবে ড্ৰোনখনক উন্নত গ্ৰাউণ্ড-পেনেট্ৰেটিং ৰাডাৰ (জিপিআৰ)ৰে সজ্জিত ফ্ৰণ্টলাইনত নিয়োগ কৰা হৈছিল। ভাৰতীয় সেনাৰ সৈতে কাম কৰি এই ‘মেড ইন ইণ্ডিয়া’ ড্ৰ’নখনে দ্ৰুত আৰু নিৰাপদে সম্ভাৱ্য ধ্বংসাৱশেষৰ স্থানাংক নিৰ্ণয় আৰু উপনীত কৰাত সহায় কৰিছিল। এয়া আছিল এক যুগান্তকাৰী ক্ষণ, যিয়ে গুৰুত্বপূৰ্ণ, বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰিছিল যাৰ ফলত উদ্ধাৰ অভিযানৰ সুৰক্ষা আৰু ফলপ্ৰসূতা লক্ষ্যণীয়ভাৱে উন্নত কৰিছিল। কোম্পানীটোৰ মনোযোগ এতিয়া সম্পূৰ্ণৰূপে অঞ্চলটোৰ ভৱিষ্যতৰ দিশে ধাৱমান হৈছে। বনভি এৰো অত্যাৱশ্যকীয় সামগ্ৰীৰ ডেলিভাৰীৰ বাবে এক আকাশী ঘাইপথ সৃষ্টি কৰিবলৈ নিজৰ উচ্চ-উচ্চতা, গধুৰ-পে’লোড ড্ৰ’ন প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিষ্ঠানটোৰ পৰিকল্পনা হৈছে এই নিৰ্ভৰযোগ্য ড্ৰ’নবোৰ শেষ মাইল সংযোগৰ বাবে ব্যৱহাৰ কৰা, যিকোনো প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ড বা বতৰ নিৰ্বিশেষে জীৱন ৰক্ষক ঔষধ আৰু গুৰুত্বপূৰ্ণ সামগ্ৰী আমাৰ দূৰৱৰ্তী গাঁৱত উপনীত হোৱাটো নিশ্চিত কৰা। এই দৃষ্টিভংগীয়ে বনভি এৰোক কেৱল প্ৰযুক্তিৰ অগ্ৰদূত হিচাপেই নহয়, বৰঞ্চ অঞ্চলটোৰ স্থিতিস্থাপকতা আৰু উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে স্থান প্ৰদান কৰিলে।  কোম্পানীটোৱে এতিয়া পৰৱৰ্তী প্ৰজন্মৰ সমাধান বিকশিত কৰাৰ কামত ব্ৰতী হৈছে, যাৰ ভিতৰত আছে দুবছৰৰ ভিতৰত মুকলিৰ আশা কৰা ১০০ কিলোগ্ৰাম মেডেভাক ড্ৰ’ন আৰু তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত মুকলিৰ আশা কৰা ৫০০ কেজিৰ শ্বৰ্ট টেক-অফ এণ্ড লেণ্ডিং (এছটিঅ’এল) ড্ৰ’ন বিকশিত কৰাৰ এক উচ্চাভিলাষী দীৰ্ঘম্যাদী পৰিকল্পনা, যি অঞ্চলটোত আন্তঃ-চহৰ বা দূৰৱৰ্তী সামৰিক ঘাটিতো পৰিবহণ সক্ষম কৰি তুলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *