এজবাষ্টনত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্টত আলহী দল ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি লাভ কৰিছে। মেচখনৰ তৃতীয় দিনা ৪০৭ ৰাণতে অলআউট হয় ঘৰুৱা দল ইংলেণ্ড । ভাৰতে প্ৰথম ইনিংছত ৫৮৭ ৰাণ সংগ্ৰহ কৰিছিল । তৃতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে এটা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত ৬৪ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ লগে লগে ভাৰতে মুঠ ২৪৪ ৰাণৰ অগ্ৰগতি লাভ কৰে । দিনটোৰ শেষলৈ কে এল ৰাহুল ২৮ ৰাণ আৰু কৰুণ নায়াৰে ৭ ৰাণত অপৰাজিত হৈ থাকে। দ্বিতীয় ইনিংছত জয়ছোৱালে ২২ টা বলত ২৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। বেটেৰে বিশেষ একো কৰিব নোৱাৰিলেও জয়ছোৱালে এক অভিলেখ স্থাপন কৰে। দ্ৰুততম ২০০০ টেষ্ট ৰাণ সংগ্ৰহ কৰা তেওঁ তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় । ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল বীৰেন্দ্ৰ ছেহৱাগ আৰু ৰাহুল দ্ৰাবিড় । তেওঁলোকে ৪০ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তদুপৰি প্ৰথম ইনিংছত ইংলেণ্ডৰ মাত্ৰ ৫ গৰাকী বেটছমেনেহে স্ক’ৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে দুজন বেটছমেনে মুঠ ৪০৭ ৰাণৰ ভিতৰত ৩০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰে। তাৰ ভিতৰত আছিল হেৰী ব্ৰুক ১৫৮ ৰাণ আৰু উইকেটকীপাৰ জেমি স্মিথৰ অপৰাজিত ১৮৫ ৰাণ। তেওঁলোকেৰ বাহিৰে ৬ গৰাকী বেটছমেনেই ১ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে। যাৰ বাবে ঘৰুৱা দলটোৰ নামত এক লজ্জাজনক অভিলেখ সংযোজন হ’ল। টেষ্টৰ ইতিহাসত ৪০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিও ৬ জন বেটছমেন শূন্যত আউট হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ইংলেণ্ড। মুখ্য বলাৰ যশপ্ৰীত বুমৰাহ দলৰ বাহিৰত থকাৰ পাছতো দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় ফাষ্ট বলাৰসকলে আকৰ্ষণীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। বিশেষকৈ মহম্মদ চিৰাজ আৰু আকাশদ্বীপে ইংলেণ্ড দলটোক আঁঠু ল’বলৈ বাধ্য কৰালে। দুয়োজনে মুঠ ১০ টা উইকেট দখল কৰে। চিৰাজে ৬ টা উইকেট লোৱাৰ বিপৰীতে আকাশে ৪ টা উইকেট লাভ কৰে। Share this:FacebookX Related Post navigation প্ৰথম ৰাউণ্ডতে পৰাজিত হৈ উইম্বলডনৰ পৰা বাহিৰ কোকো গ’ফ এডগবাষ্টনত খেলা সকলো মেচতে পৰাজয়ৰ সন্মুখীন হৈছিল টীম ইণ্ডিয়া