শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ!আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে পৰিকল্পনা। ২০৩৫ চনৰ ভিতৰত ২০০ ৰো অধিক যুদ্ধ জাহাজ আৰু ছাবমেৰিন নিজৰ সৈতে ৰখাৰ লক্ষ্য ভাৰতীয় নৌসেনাৰ। ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰত্যাহ্বানৰ সৈতে সহজেই মোকাবিলা কৰিব পৰা যাব বুলি ধাৰণা কৰিছে নৌসেনাৰ বিষয়াসকলে।বৰ্তমান নৌসেনাৰ ১৪০খন যুদ্ধজাহাজ আৰু ১৭খন ছাবমেৰিন আছে। ইয়াৰ উপৰিও ২৫০ খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰ আছে। পৰিকল্পনা অনুসৰি অহা দশকত সেই সংখ্যা ২০০ৰো অধিক জাহাজ, ছাবমেৰিন আৰু প্ৰায় ৩৫০খন বিমানলৈ বৃদ্ধি কৰা হ’ব। Share this:FacebookX Related Post navigation পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নৱৰাত্ৰিৰ সময়ত এই পুষ্টিকৰ উপাদানসমূহৰ দ্বাৰা বৃদ্ধি কৰক আপোনাৰ শক্তি