আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডত এগৰাকী ভাৰতীয় যুৱতীৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা ৩১ ডিচেম্বৰৰ পৰা নিখোজ হৈ থকা ২৭ বছৰীয়া নিকিতা গডিশালাৰ মৃতদেহ তেওঁৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মাৰ কলম্বিয়াস্থিত ফ্লেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। হাওয়াৰ্ড কাউণ্টি আৰক্ষীয়ে জনোৱা মতে যুৱতীগৰাকীৰ দেহত কেইবাটাও কটা আঘাতৰ চিন পোৱা গৈছে। হাওয়াৰ্ড আৰক্ষীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰা মতে, যোৱা ২ জানুৱাৰীত অৰ্জুন শৰ্মাই নিকিতা নিখোজ হোৱা বুলি নিজেই এজাহাৰ দিছিল। অৱশ্যে তদন্তত পোহৰলৈ আহে যে ৩১ ডিচেম্বৰৰ সন্ধিয়া ৭ বজাৰ পাছত অৰ্জুনে নিকিতাক হত্যা কৰিছিল। আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰথম আৰু দ্বিতীয় ডিগ্ৰী হত্যাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। কিন্তু ২ জানুৱাৰীত নিখোজৰ এজাহাৰ দিয়াৰ পিছতেই অভিযুক্ত অৰ্জুন শৰ্মাই ভাৰতলৈ পলায়ন কৰে। উল্লেখ্য যে নিকিতা গডিশালা কলম্বিয়াৰ বেদা হেল্থ নামৰ প্ৰতিষ্ঠানটোত ডাটা এণ্ড ষ্ট্ৰেটেজি এনালিষ্ট হিচাপে কৰ্মৰত আছিল। বৰ্তমান আমেৰিকাৰ ফেডাৰেল আইন প্ৰৱৰ্তনকাৰী সংস্থাই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় দূতাৱাস সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থকাৰ লগতে নিকিতাৰ পৰিয়ালক যাৱতীয় সাহায্য প্ৰদান কৰিছে। ভাৰত আৰু আমেৰিকাৰ মাজত থকা প্ৰত্যৰ্পণ চুক্তিৰ জৰিয়তে অভিযুক্তক ধৰা পেলোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী বাজেয়াপ্ত কৰাৰ বাবে আদালতত আবেদন এছআইটিৰ বেংগালুৰুত ধৰ্মীয় শোভাযাত্ৰাত শিলাবৰ্ষণঃ আহত দুই শিশু